Eviction Drive at Animal Corridor : কি ক’লে বনমন্ত্ৰীয়ে ?

author img

By

Published : Mar 13, 2022, 11:44 AM IST

Eviction Drive at Animal Corridor

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিড’ৰৰ উচ্ছেদ সম্পৰ্কে মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ (Forest Minister Parimal Suklabaidya) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলে পূৰ্বৰে পৰা বিচৰণ কৰা কাষৰীয়া অঞ্চলসমূহ মুক্ত কৰি ৰখাৰ পোষকতা মন্ত্ৰীগৰাকীৰ ৷ উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ দাবী বনমন্ত্ৰীৰ ৷

কলিয়াবৰ, 13 মাৰ্চ : বন্যপ্ৰাণীসমূহ যিহেতু আমাৰ সস্পদ সেয়ে বন্যপ্ৰাণীক জীয়াই থকাৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্বও আমাৰে । কাজিৰঙাৰ জীৱকুলক জীয়াই থকাৰ বাবে ব্যৱস্থা কৰিবলৈ হ'লে এনিমেল ক'ৰিড'ৰ মুকলি কৰি ৰাখিবই লাগিব(Animal Corridor Need to be Free for Animal Security) । এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ।

শনিবাৰে কলিয়াবৰ মহকুমাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৭ টাকৈ এনিমেল কৰিড'ৰত হোটেল, ৰেষ্টুৰেণ্টৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলোৱা উচ্ছেদ(Eviction Drive at Kaziranga National Park) সম্পৰ্কত মন্তব্য কৰি এই কথা ব্যক্ত কৰে ৷

এনিমেল ক'ৰিড'ৰৰ উচ্ছেদ সন্দৰ্ভত বনমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

মন্ত্ৰীগৰাকীয়ে অৱশ্যে এই উচ্ছেদৰ ফলত ব্যৱসায়ীসকল বিশেষ ক্ষতিৰ সন্মুখীন হোৱাৰ বিষয়টো অকপটে স্বীকাৰ কৰে ৷ কিন্তু পূৰ্বৰে পৰা বন্যপ্ৰাণীসমূহে বিচৰণৰ বাবে ব্যৱহাৰ কৰা স্থানসমূহ মুকলি কৰি ৰখাৰো ব্যৱস্থা কৰাটো বাধ্যতামূলক বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ পালন কৰি কলিয়াবৰ মহকুমাৰ ৭ টা আৰু বোকাখাট মহকুমাৰ ২টা এনিমেল ক'ৰিড'ৰত এই উচ্ছেদ কৰাৰ কথা ব্যক্ত কৰে ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কাষৰীয়া ৰাইজৰ সহযোগত সুৰক্ষিত হৈ থকা জীৱকুলে কাজিৰঙাক সুন্দৰ কৰি ৰাখিছে । কাজিৰঙাক সুন্দৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে । কাজিৰঙাৰ সৌন্দৰ্য ঘূৰাই অনা হৈছে আৰু সেয়ে চলিত বৰ্ষত বৰ্তমানলৈ ৰাজ্যখনলৈ আগমন ঘটিছে প্ৰায় দুই লাখ বিশ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ । পৰ্যটনবৰ্ষ সামৰণি পৰালৈ পৰ্যটকৰ সংখ্যাই আঢ়ৈ লাখৰ দেওনা অতিক্ৰম কৰিব বুলি কলিয়াবৰত উপস্থিত হৈ আশা প্ৰকাশ কৰে বনমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : দেৱশিশুৰ হত্যা কৰা অভিযোগত ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰি জ্বলাই দিলে অভিযুক্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.