Brutal murder in Dibrugarh: ধলাজান চাহ বাগিচাত ৪ বছৰীয়া শিশুক ডিঙি কাটি হত্যা

author img

By

Published : Mar 13, 2022, 9:01 AM IST

Updated : Mar 14, 2022, 8:09 AM IST

man-lynched-by-mob-set-on-fire-after-he-allegedly-killed-minor-in-dibrugarh

ৰহমৰীয়াৰ ধলাজান চাহ বাগিচাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Brutal murder in Dibrugarh) ৷ ৩৫ বছৰীয়া শোনিত তাঁতীয়ে ডিঙি কাটি হত্যা কৰে এটি ৪ বছৰীয়া শিশুক ৷ তাৰ পাচতে ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজে ৷ ক্ষুব্ধ ৰাইজে ৰাজহুৱাভাৱে হত্যা কৰি জ্বলাই দিয়ে অভিযুক্ত শোনিত তাঁতীক ৷

মৰাণ, 13 মাৰ্চ : ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া থানাৰ অন্তৰ্গত ধলাজান চাহ বাগিচাত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Murder in Dibrugarh) । জানিব পৰা মতে, শোনিত তাঁতী নামৰ এজন ৩৫ বছৰীয়া লোকে হত্যা কৰে ৪ বছৰীয়া এটি শিশুক (Brutal murder in Dibrugarh) ৷ নিহত শিশুটি জোনাকী মুড়া আৰু ৰাণা মুড়াৰ সন্তান উজ্জ্বল মোড়া বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে নিজ ঘৰৰ চোতালতে সমনীয়াৰ সৈতে খেলি আছিল 4 বছৰীয়া উজ্জ্বল মোড়া ৷ খেলি থকা অৱস্থাতে হঠাৎ শিশুটিৰ ডিঙি কাটি হত্যা কৰে শোনিত তাঁতীয়ে ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

দেৱশিশুক হত্যা কৰা অভিযোগত ৰাইজে জীৱন্তে জ্বলালে অভিযুক্তক

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত শোনিত তাঁতী মানসিকভাৱে বিকাৰগ্ৰস্ত ৷

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷ তাৰ পাচতেই খেদি খেদি ৰাইজে প্ৰহাৰ কৰে অভিযুক্ত শোনিত তাঁতীক ৷ ক্ষুব্ধ ৰাইজৰ প্ৰহাৰত মৃত্যু হয় শোনিত তাঁতীৰ ৷

পৰৱৰ্তী সময়ত, অঞ্চলটোৰ ৰাইজে পথাৰৰ মাজতে খেৰেৰে জ্বলাই দিয়ে অভিযুক্ত শোনিত তাঁতীৰ মৃতদেহ ৷ তাৰ পাচতে আৰু অধিক উত্তপ্ত হৈ পৰে অঞ্চলটো ৷ আনকি উত্তেজিত ৰাইজে সেই অঞ্চলটোত সাংবাদিকৰো প্ৰৱেশ নিষিদ্ধ কৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ লগতে ৰহমৰীয়া আৰক্ষী ৷ উক্ত স্থানত উপস্থিত হৈ আৰক্ষীৰ দলটোৱে নিয়ন্ত্ৰণ কৰে পৰিৱেশ ৷ আনকি শনিবাৰে নিশাই আৰক্ষীয়ে দুয়োটা মৃতদেহ ৰহমৰীয়া থানালৈ লৈ যায় ।

জানিব পৰা মতে, আৰক্ষীয়ে ইতিমধ্য আৰক্ষীৰে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা ৷

লগতে পঢ়ক : Guwahati gang rape : গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰত ব্যৰ্থ মহানগৰ আৰক্ষী

Last Updated :Mar 14, 2022, 8:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.