চৰকাৰ গঠন সন্দৰ্ভত কেন্দ্ৰৰে বৈঠক যোগী আদিত্যনাথৰ

author img

By

Published : Mar 13, 2022, 12:45 PM IST

UP CM Yogi Adityanath to discuss govt formation with BJP leadership in Delhi today

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে ৰাজধানী দিল্লীত (CM Yogi Adityanath will visit the national capital today) উপস্থিত হ’ব ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) শীৰ্ষ নেতৃত্বৰ সৈতে চৰকাৰ গঠন সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৷

নেশ্যনেল ডেস্ক, 13 মাৰ্চ : উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ নতুন চৰকাৰ গঠনৰ পূৰ্বে আদিত্যনাথে দেওবাৰে পুৱা ৰাওনা হৈছে ৰাজধানী নতুন দিল্লীলৈ (CM Yogi Adityanath will visit the national capital today) ৷ দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী গৰাকী ৷

মুখ্যমন্ত্ৰী আদিত্য়নাথে বিজেপিৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নতুন কেবিনেট গঠন আৰু নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ দিন সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে লক্ষ্ণৌৰ বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে যোগী আদিত্যনাথ ৷

আদিত্যনাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষক সাক্ষাৎ কৰিব । বিজেপিয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ।

উল্লেখ্য় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে লক্ষ্ণৌৰ ৰাজভৱনত ৰাজ্যপাল আনন্দীবেন পেটেলক পদত্যাগ পত্ৰ প্ৰদান কৰিছিল । পুৱাভাগত যোগীয়ে কেবিনেট মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰাৰ পিছতে পদত্যাগ পত্ৰ দাখিল কৰে । তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পিছতে অনুষ্ঠিত হ'ব (Yogi Adityanath to be CM of UP) ৷

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ব্যাপক বিজয়ৰ পিছত আদিত্যনাথে শুকুৰবাৰে লক্ষ্ণৌৰ দলীয় কাৰ্যালয়ত তেওঁৰ সহকৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ আদিত্যনাথে গোৰখপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত ১,০৩,৩৯০ টা ভোটত জয়লাভ কৰে ৷

লগতে চাওক: Budget session : ছোনিয়া গান্ধীৰ অধ্যক্ষতাত আজি কংগ্ৰেছৰ সংসদীয় গোটৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.