বৰমাত "মৰাপাগলাদিয়া সাহিত্য বঁটা" প্ৰদান অনুষ্ঠান

author img

By

Published : Mar 13, 2022, 11:01 AM IST

Baksa

এইবছৰ বৰমাৰ বিশিষ্ট সাহিত্যিক, গৱেষক ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাক প্ৰদান কৰা হয় মৰাপাগলাদিয়া সাহিত্য বঁটা (Marapagladia Sahitya Award to Nripendra Nath Sharma) । অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত । মৰাপাগলাদিয়া নৈৰ প্ৰদূষণ ৰোধৰ বাবে ৰাইজক ব্যৱস্থা গ্ৰহণৰ আহ্বান । বৰমা অঞ্চলৰ বাতৰি কাকত বিতৰকসকলকো সম্বৰ্ধনা ৷

বাক্সা, ১৩ মাৰ্চ : প্ৰতিবছৰৰ দৰে এইবাৰো বাক্সা প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰদান কৰা হয় কৃতি শিক্ষক আফজল আলী সোঁৱৰণী মৰাপাগলাদিয়া সাহিত্য বঁটা (Marapagladia Sahitya award distribution ceremony at Barama) ৷ এইবছৰ বৰমাৰ বিশিষ্ট সাহিত্যিক, গৱেষক ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাক প্ৰদান কৰা হয় এই বঁটা (Marapagladia Sahitya Award to Nripendra Nath Sharma) । বঁটা প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উক্তোলন, বন্তি প্ৰজ্বলন, মাল্যাৰ্পণৰ পাছত অনুষ্ঠিত হয় মুকলি সভাৰ ৷

বাক্সা প্ৰেছ ক্লাৱৰ সভাপতি ধ্ৰুৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক, গ্ৰন্থ প্ৰকাশক, অসম চৰকাৰৰ সাহিত্য বঁটা প্ৰাপক মুকুটৰাজ শৰ্মা ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ শৰ্মাই মৰাপাগলাদিয়া সাহিত্য বঁটাৰ তাৎপৰ্য বাখ্যা কৰে । লগতে বৰমাৰ মাজেৰে বৈ যোৱা মৰাপাগলাদিয়া নৈখন বৰমা ৰাইজৰ সাহিত্য সৃষ্টিৰ সমল বুলিও তেওঁ মন্তব্য কৰে । এই বঁটাই পাগলাদিয়া নৈৰ স্মৃতি সজীৱ কৰি ৰাখিব বুলিও আশাবাদী অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকী ৷

Baksa
বৰমাত মৰাপাগলাদিয়া সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

অনুষ্ঠানত বৰমা ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৰ্চনা গোস্বামীয়ে প্ৰয়াত কৃতী শিক্ষক আফজল আলী আৰু বঁটা প্ৰাপক ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাৰ জীৱন, কৰ্ম আৰু সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰে ৷ বাক্সা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যৱাহী অভিযন্তা প্ৰবীৰ কুমাৰ অধিকাৰী, মুছলপুৰ জিলা ইউপিপিএলৰ সম্পাদক দয়াল শৰণীয়া, শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ চন্দ্ৰ দাস, বৰমাৰ বিশিষ্ট ব্যক্তি ড° ফণীধৰ তালুকদাৰ, বিষয় শিক্ষক ভাৰত চন্দ্ৰ তালুকদাৰে আফজল আলী সোঁৱৰণী মৰাপাগলাদিয়া সাহিত্য বঁটা সম্পৰ্কত বক্তব্য ৰাখে ৷

লগতে ডাষ্টবিনত পৰিণত হোৱা মৰাপাগলাদিয়া নৈখনৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে সকলো লোককে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । বাক্সা প্ৰেছ ক্লাবৰ উপদেষ্টা দিলীপ কুমাৰ হালৈয়ে উদ্বোধন কৰা মুকলি সভাত বৰমা অঞ্চলৰ বাতৰি কাকত বিতৰকসকলকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : গুৱাহাটীত অনুষ্ঠিত হু'নৰ হাটৰ উদ্বোধন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.