Budget session : ছোনিয়া গান্ধীৰ অধ্যক্ষতাত আজি কংগ্ৰেছৰ সংসদীয় গোটৰ বৈঠক

author img

By

Published : Mar 13, 2022, 9:52 AM IST

Budget session

বাজেট অধিৱেশনৰ দ্বিতীয় অংশৰ পূৰ্বে কংগ্ৰেছ সংসদীয় কমিটীৰ বৈঠক (Congress meeting before 2nd part of budget session) । ছোনিয়া গান্ধীয়ে আহ্বান জনাইছে বৈঠকৰ । বিৰোধী কংগ্ৰেছৰ ৰণনীতি সম্পৰ্কে এই বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা ।

নেশ্যনেল ডেস্ক, ১৩ মাৰ্চ : সোমবাৰৰ পৰা আৰম্ভ হ'ব বাজেট অধিৱেশনৰ দ্বিতীয় অংশ (Budget session 2nd part will start on Monday) । ৮ এপ্ৰিলত সমাপ্ত হ'বলগীয়া অধিৱেশনৰ পূৰ্বে বিৰোধী কংগ্ৰেছে আহ্বান কৰিছে এক বিশেষ বৈঠকৰ (Congress meeting before 2nd part of budget session) । কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ছোনিয়া গান্ধীয়ে বৈঠকখনৰ আহ্বান জনাইছে (Sonia Gandhi calls Congress meeting ahead of session) ।

দেওবাৰে পুৱা ১০ বজাৰ পৰা ১০ জনপথত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ সংসদীয় কমিটীৰ বৈঠকখন । দুয়োখন সদনতে বিৰোধী কংগ্ৰেছৰ ৰণনীতি সম্পৰ্কে এই বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, যোৱা শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ বাসগৃহত কংগ্ৰেছৰ জি-২৩ বৈঠক অনুষ্ঠিত হৈছিল (Congress G-23 meeting) । কংগ্ৰেছ নেতা ভূপেন্দৰ সিং হুদা, মনীষ তিৱাৰী, কপিল চিবাল, আনন্দ শৰ্মা, অখিলেশ প্ৰসাদ সিঙে এই বৈঠকত অংশগ্ৰহণ কৰিছিল ।

ইফালে অধিৱেশনৰ দ্বিতীয় অংশত বিৰোধী কংগ্ৰেছে কেনে ৰণনীতি গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে । কিয়নো শেহতীয়াকৈ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে (Assembly election results 2022) । য'ত শোচনীয় পৰাজয় ঘটিছে কংগ্ৰেছৰ । বিশেষকৈ শাসনত থকা পঞ্জাৱৰ ফলাফলে কংগ্ৰেছৰ দুৰ্বল নেতৃত্বৰ প্ৰমাণ দিছে ।

লগতে পঢ়ক : ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ কি ক'লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.