HSLC exam 2022 : বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰী

author img

By

Published : Mar 13, 2022, 11:59 AM IST

লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত বিনীতা দেৱী

হোজাই জিলাৰ লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত এগৰাকী ছাত্ৰী (a student deprives from hslc examination of Assam) । শিক্ষকসকলৰ গাফিলতৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ছাত্ৰীগৰাকীৰ অভিভাৱকৰ । আনকি লংকাত হাইস্কুলৰ প্ৰধান শিক্ষকে ধনৰ প্ৰলোভন দিয়াৰ অভিযোগ তৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালে ।

হোজাই, 13 মাৰ্চ : ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2022) । কিন্তু পৰীক্ষাৰ পূৰ্বে এডমিট কাৰ্ড লাভ নকৰিলে হোজাইৰ এগৰাকী পৰীক্ষাৰ্থীয়ে । পৰীক্ষাৰ্থীগৰাকী হৈছে লংকা হাইস্কুলৰ বিনীতা দেৱী (A student deprived of HSLC exam in Lanka) ।

ছাত্ৰীগৰাকীয়ে দাবী কৰা অনুসৰি, মেট্ৰিক পৰীক্ষাৰ এডমিটৰ বাবে যাবতীয় সকলো নথি-পত্ৰ বিদ্যালয়ত জমা দিছিল ছাত্ৰীগৰাকীয়ে । ২ মাৰ্চৰ দিনা লংকা হাইস্কুলৰ সকলো পৰীক্ষাৰ্থীয়ে স্কুলৰ পৰা পৰা সংগ্ৰহ কৰিছিল এডমিট কাৰ্ড ৷ ইয়াৰ বিপৰীতে বিনীতা দেৱী নামৰ ছাত্ৰীগৰাকীয়ে নাপালে এডমিট কাৰ্ড ।

লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত বিনীতা দেৱী

পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীৰ অভিভাৱকে লংকা হাইস্কুলৰ প্ৰধান শিক্ষক মকবুল হুছেইনক এই সন্দৰ্ভত প্ৰশ্ন কৰে ৷ কিন্তু প্ৰধান শিক্ষক হুছেইনে ছাত্ৰীগৰাকীক ১৫ হাজাৰ টকাৰ প্ৰলোভন দি সমগ্ৰ ঘটনাটো গোপনে ৰখাৰ চেষ্টা কৰে ৷ এই অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৱে ৷ ইফালে মেট্ৰিক পৰীক্ষা দিবলৈ নাপাই মানসিকভাৱে ভাগি পৰিছে ছাত্ৰীগৰাকী ৷

এতিয়া প্ৰশ্ন হয়, কাৰ গাফিলতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত হ'ব এইগৰাকী পৰীক্ষাৰ্থী ? কিয় শিক্ষকে ছাত্ৰীগৰাকীৰ জীৱনক লৈ হেতালি খেলিছে, সেয়াও এক ডাঙৰ প্ৰশ্ন । এই ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : নিৰ্বাচনৰ সময়ত অখিল গগৈয়ে মানুহক মদ খুৱাইছিল নে টকা বিলাইছিল ? : পিযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.