Devastating fire in Sivsagar : শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত 3 খন বিপণী

By

Published : Mar 13, 2022, 12:53 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

শনিবাৰে নিশা প্ৰায় 12 বজাত বকতা অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire incident at Bokota) । এই অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ বিপণী (Devastating fire in Sivsagar) ৷ ফলত সৰ্বস্বান্ত হৈ পৰিছে তিনিটাকৈ পৰিয়াল ৷ ইফালে ৰাইজৰ অভিযোগ, ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰৰ দিয়াৰ পাচতো ঘটনাস্থলীত উপস্থিত নহ’ল অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ আনহাতে, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত নোহোৱাৰ মূল কাৰণ হৈছে বকতা-নঙলামৰাৰ দলংখন । চাৰিচকীয়া আৰু গধুৰ যানবাহন চলাচলৰ বাবে সম্প্ৰতি বন্ধ হৈ আছে এই দলংখন ৷ যাৰ বাবে ঘটনাস্থলীলৈ আহিও দলঙৰ এমূৰে ৰৈ থাকিবলগা হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.