Firing on defeated BSP candidate in Aligarh : আলীগড়ত পৰাজিত বিএছপি প্ৰাৰ্থীৰ ওপৰত গুলীচালনা

author img

By

Published : Mar 13, 2022, 10:46 AM IST

Firing on defeated BSP candidate in Aligarh

আলীগড়ৰ বাৰাউলি বিধানসভা সমষ্টিৰ পৰাজিত বিএছপি প্ৰাৰ্থী (BSP candidate in Aligarh) নৰেন্দ্ৰ শৰ্মাৰ ওপৰত গুলীচালনা ৷ শনিবাৰে সন্ধিয়া নৰেন্দ্ৰ শৰ্মা নামৰ প্ৰাৰ্থীগৰাকীয়ে আলীগড়ৰ পৰা বাৰাউলি অভিমুখে আহি থকা অৱস্থাত কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ বাহনখন আগচি ধৰি গুলীচালনা কৰে (Firing on defeated BSP candidate in Aligarh) ৷ এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷

নেশ্যনেল ডেস্ক, 13 মাৰ্চ : আলীগড়ৰ বাৰাউলি বিধানসভা সমষ্টিৰ পৰাজিত বিএছপি প্ৰাৰ্থী নৰেন্দ্ৰ শৰ্মাৰ ওপৰত গুলীচালনা ৷ শনিবাৰে সন্ধিয়া নৰেন্দ্ৰ শৰ্মা নামৰ প্ৰাৰ্থীগৰাকীয়ে আলীগড়ৰ পৰা বাৰাউলি অভিমুখে আহি থকা অৱস্থাত কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ বাহনখন আগচি ধৰি গুলীচালনা কৰে (Firing on defeated BSP candidate in Aligarh) ৷ এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷ এই ঘটনাত দেহৰক্ষীৰ সৈতে থকা প্ৰাৰ্থীগৰাকী কথমপি ৰক্ষা পৰে ৷ দেহৰক্ষীৰ সৈতে থকা প্ৰাৰ্থীগৰাকী এই ঘটনাত কথমপি ৰক্ষা পৰে ৷

এখন পালচাৰত অহা দুজন দুৰ্বৃত্তই জৱাৰ জংঘলগড়ী থানাৰ সমীপতে প্ৰাৰ্থীগৰাকীক আগচি ধৰি গুলীচালনা কৰিছিল ৷ কিন্তু সৌভাগ্যক্ৰমে প্ৰাৰ্থীগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰি প্ৰাণৰক্ষা পৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিজেপিৰ ঠাকুৰ জয়বীৰ সিঙৰ বিৰুদ্ধে আলীগড়ৰ বাৰাউলি বিধানসভা সমষ্টিৰ বিএছপি প্ৰাৰ্থী নৰেন্দ্ৰ শৰ্মা পৰাজিত হৈছিল ৷ শনিবাৰে শৰ্মাই তেওঁৰ UP 81 TD 8280 নম্বৰৰ স্ক’ৰপিঅ’ বাহনখনেৰে সন্ধিয়া বাৰাউলি অভিমুখে গৈ থকা অৱস্থাতে এনে আক্ৰমণৰ সন্মুখনী হয় ৷ প্ৰাৰ্থীগৰাকীৰ সৈতে সেই সময়ত উপস্থিত আছিল দেহৰক্ষী হৰদেভ যাদৱ আৰু গাড়ীচালক নাভেদ ৷ ঘটনাস্থলীৰ পৰা নিকটতম আৰক্ষী থানাৰ দূৰত্ব আছিল মাত্ৰ 7 কিল’মিটাৰ ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও দুৰ্বৃত্তৰ কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷ দেওবাৰে প্ৰাৰ্থীগৰাকীৰ সমৰ্থকলৰ লগতে পৰিয়ালৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনা আছে ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে চাওক: Budget session : ছোনিয়া গান্ধীৰ অধ্যক্ষতাত আজি কংগ্ৰেছৰ সংসদীয় গোটৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.