ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 10, 2022, 3:15 PM IST

top-10-at-3pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

DAC Election Result 2022: যোৰহাট পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীৰ জয়লাভ

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত যোৰহাটত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীয়ে(Congress Candidate Keshab deori win) ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীক ১৩৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

Eviction in Nagaon: নগাঁৱত ৰে'ল বিভাগৰ ভূমিত উচ্ছেদ অভিযান

দীৰ্ঘদিনৰ পৰা বিতৰ্কত থকা নগাঁৱৰ ৰে'ল বিভাগৰ ভূমিত চলিল জিলা প্ৰশাসন আৰু ৰে'ল বিভাগৰ উচ্ছেদ অভিযান (Railway department and administration eviction)। বহু বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছে । শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান । উচ্ছেদিত পৰিয়ালক সংস্থাপিত কৰাৰ দাবী ।

Journalist Suicide: যোৰহাটত নিউজ প’ৰ্টেলত কৰ্মৰত সাংবাদিকৰ আত্মহত্যা

যোৰহাটত বুধবাৰে নিশা এটা প’ৰ্টেলত কৰ্মৰত এগৰাকী সাংবাদিকে আত্মহনন কৰে ৷ নিজ ভাড়াঘৰত চিপ লৈ আত্মহত্যা কৰে অক্সিপ্ৰিয়া দত্ত নামৰ যুৱতীগৰাকীয়ে (Journalist suicide case in Jorhat) ৷

Kaling Murder case: প্ৰেমেই কাল হ’ল নেকি কালিঙৰ ?

প্ৰেমেই কাল হ’ল নেকি কালিঙৰ (Kaling murder case at Jonai) ! মঙলবাৰে পুৱতি নিশা জোনাইৰ উদয়পুৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছিল কালিং ময়ং নামৰ ছাত্ৰজনৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মৃত কালিং ময়ঙৰ প্ৰেয়সীৰ লগতে আৰু দুজন ব্যক্তিক আটক কৰা বুলি জানিবলৈ দিছে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই ৷

Narendra Nath Mahanta memorial drama Competition: নৰেন্দ্ৰ নাথ মহন্ত নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ 'দেউতা'

কলিয়াবৰত অনুষ্ঠিত ষষ্ঠ সংখ‍্যক শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ অৰ্জন কৰে পুৰণিগুদামে (Narendra Nath Mahanta memorial drama Competition)। আনহাতে, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান অৰ্জন কৰে তেজপুৰৰ 'যাদুঘৰ' নাটকখনে ।

BJP Candidate Bhaskar Deori won: ডিব্ৰুগড়ত বিজেপি কৰ্মীৰ বিজয়োল্লাস

4নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ভাস্কৰ দেউৰীয়ে জয়লাভ কৰাৰ পাছতেই জিলাখনত তেওঁৰ সমৰ্থকে বিজয়োল্লাস পালন কৰে(BJP Candidate Bhaskar Deori win) ৷ নিৰ্বাচনৰ ফলাফলত ভাস্কৰ দেউৰীয়ে 730 টা ভোট লাভ কৰাৰ বিপৰীতে জিমছায়া পিপলছ পাৰ্টীৰ পূৰ্ণানন্দ দেউৰীয়ে লাভ কৰে 674 টা ভোট(DAC Election Result 2022) ।

Farmers Day at Agricultural Research Station: ধানখেতি বৰ্তমান লাভজনক ব্যৱসায়লৈ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে: বিদ্যুৎ চন্দন ডেকা

তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত কৃষক দিৱস পালন(Regional Agricultural Research Station, Titabor) । অনুষ্ঠানত অংশগ্ৰহণ কৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই ৷ তেওঁ ধানখেতি বৰ্তমান লাভজনক ব্যৱসায়লৈ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে বুলি অনুষ্ঠানত মন্তব্য কৰে ।

Earthquake in Assam and Arunachal Pradesh: দুটাকৈ ভূমিকম্পই জোকাৰিলে অসম-অৰুণাচল

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি । বুধবাৰে পুৱা দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে অৰুণাচলক (Earthquake in Assam) ৷ পুৱা 10:31 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৭ ৰিখটাৰ স্কেল ৷ আনহাতে 10:59 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য 3.5 ৰিখটাৰ স্কেল ৷

Teenage girl dies of food poisoning: ৰাস চাবলৈ গৈ চাওমিন খাই মৃত্যুক সাৱটিলে কিশোৰীয়ে

নলবাৰীৰ বৰমা ৰোডত সংঘটিত শোকাৱহ ঘটনা । ৰাস মহোৎসৱত ফাৰ্ষ্ট ফুড খাই শোকাবহভাৱে মৃত্যুক আকোঁৱালি ল’লে মেধাৱী ছাত্ৰীয়ে (Teenage girl dies of food poisoning ) ৷

Zubeen Garg in Biswanath: মোৰ মাজুলীৰ ৰাস চাবলৈ মন আছে: জুবিন গাৰ্গ

বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী কাৰ্যসূচীত বুধবাৰে উপস্থিত হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ (Zubeen Garg in Biswanath)৷ 4 নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে ৫ দিনীয়া কাৰ্যসূচীৰে বিশ্বনাথত অনুষ্ঠিত হোৱা অসমৰ অন্যতম সৰ্ববৃহৎ ৰাসৰ ৰূপালী জয়ন্তী সমাৰোহ বুধবাৰে সামৰণি পৰে (Zubeen Garg commented on Biswanath)৷ অন্তিমটো দিনটোত শৰতৰ পূৰ্ণিমা ৰাতি ৰাসৰ গীতত কন্ঠ নিগৰালে জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.