ETV Bharat / state

Kaling Murder case: প্ৰেমেই কাল হ’ল নেকি কালিঙৰ ?

author img

By

Published : Nov 10, 2022, 2:02 PM IST

প্ৰেমেই কাল হ’ল নেকি কালিঙৰ (Kaling murder case at Jonai) ! মঙলবাৰে পুৱতি নিশা জোনাইৰ উদয়পুৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছিল কালিং ময়ং নামৰ ছাত্ৰজনৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মৃত কালিং ময়ঙৰ প্ৰেয়সীৰ লগতে আৰু দুজন ব্যক্তিক আটক কৰা বুলি জানিবলৈ দিছে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই ৷

Two arrested for involvement with Kaling murder
Kaling Murder case: মোৰ ভাতৃক প্ৰেমিকাই পৰিকল্পিতভাৱে হত্যা কৰিছে

জোনাই, 10 নৱেম্বৰ: জোনাইত মাৰ যোৱা নাই কালিং হত্যাৰ চাঞ্চল্য (Murder at Jonai)৷ প্ৰেমেই কাল হ’ল নেকি কালিঙৰ ! প্ৰেয়সীক লগ কৰিবলৈ গৈ অচিনাকী দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল কালিঙৰ ৷ মঙলবাৰে পুৱতি নিশা জোনাইৰ উদয়পুৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছিল কালিং ময়ং নামৰ ছাত্ৰজনৰ মৃতদেহ ৷ ঘৰৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি 7 নৱেম্বৰৰ বিয়লি বন্ধুৰ সৈতে ৰাস চাবলৈ বুলি ওলাই গৈছিল কালিং (Kaling murder case at Jonai)৷

Kaling Murder case: মোৰ ভাতৃক প্ৰেমিকাই পৰিকল্পিতভাৱে হত্যা কৰিছে

কালিঙৰ ভাতৃয়ে কোৱা অনুসৰি কালিঙে ৰাস চাই ঘৰলৈ উভতি নহাত চিন্তিত হৈছিল পৰিয়ালৰ লোক ৷ কিন্তু তাৰ পিছতে এগৰাকী নিকটৱৰ্তী আশাকৰ্মীয়ে কালিঙৰ মৃতদেহ পৰি থকা অৱস্থা দেখা গৈছে বুলি ঘৰলৈ খবৰ দিয়ে ৷ লগে লগে ঘৰৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ কালিঙৰ মৃতদেহ উদ্ধাৰ কৰে (Brutally murdered a student at Jonai)৷

কালিঙৰ সৰ্বশৰীৰত দাৰ ঘাপৰ দৰে চিন পৰিলক্ষিত কৰিছিল ঘৰৰ লোকে৷ ভাতৃয়ে কোৱা অনুসৰি কালিঙৰ পিঠিৰ লগতে কঁপালত দাৰ ঘাপ দেখা গৈছিল ৷ ইফালে জানিব পৰামতে কালিঙক ৰাস চাই থকাৰ মাজতে প্ৰেমিকাই লগ কৰিবলৈ মাতি পঠিয়াইছিল ৷ তাৰ পিছতেই কালিঙক হত্যা কৰি এনেদৰে পেলাই থৈ যোৱাৰ ঘটনাক পৰিকল্পিত হত্যা বুলি দাবী কৰে কালিঙৰ আত্মীয়ই (Death body Rescued at jonai)৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মৃত কালিং ময়ঙৰ প্ৰেয়সীৰ লগতে আৰু দুজন ব্যক্তিক আটক কৰা বুলি জানিবলৈ দিছে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই (Two arrested for involvement with Kaling murder)৷ লগতে দুই এদিনৰ ভিতৰতে যুৱকজনৰ হত্যাত জড়িত সকলো ব্যক্তি গ্ৰেপ্তাৰ কৰা হ'ব বুলিও কয় আৰক্ষী অধীক্ষকজনে ৷

মৃত কালিং ময়ং (18) জোনাই লিচাং জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল ৷ মৃত যুৱকজনৰ কাষত আৰক্ষীয়ে এটা মোবাইল ফোন উদ্ধাৰ কৰিছিল ৷ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে পৰিয়ালৰ লোকে । কালিঙৰ ৰহস্যজনক মৃত্যুক সহজভাৱে মানি লব পৰা নাই পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Murder at Jonai: ৰাস চাই ঘৰলৈ উভতি নাহিল কালিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.