ETV Bharat / state

Narendra Nath Mahanta memorial drama Competition: নৰেন্দ্ৰ নাথ মহন্ত নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ 'দেউতা'

author img

By

Published : Nov 10, 2022, 2:22 PM IST

কলিয়াবৰত অনুষ্ঠিত ষষ্ঠ সংখ‍্যক শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ অৰ্জন কৰে পুৰণিগুদামে (Narendra Nath Mahanta memorial drama Competition)। আনহাতে, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান অৰ্জন কৰে তেজপুৰৰ 'যাদুঘৰ' নাটকখনে ।

AASU Swahid Divas at Kaliabor
নৰেন্দ্ৰ নাথ মহন্ত নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ 'দেউতা'

কলিয়াবৰ, ১০ নৱেম্বৰ:নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত ষষ্ঠ সংখ‍্যক সদৌ অসম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ বুধবাৰে সামৰণি পৰে (Narendra Nath Mahanta memorial one act play Competition)। ইয়াৰ সৈতে সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্য়োগত শ্বহীদ দিৱস পালন কৰা হয় (Martyrs Day observed at Kaliabor) ।

নৰেন্দ্ৰ নাথ মহন্ত নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ 'দেউতা'

শ্বহীদ দিৱস উপলক্ষে অসমৰ ভাষা¸মাধ্যম¸খাদ্য আৰু অস্তিত্ব ৰক্ষা আন্দোলনৰ জাতীয় শ্বহীদসকলৰ সোঁৱৰণত ৮৬৯ গছি বন্তি প্ৰজ্জ্বলন কৰা হয় । উল্লেখ্য় যে মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত বিগত বৰ্ষ সমূহৰ দৰে এইবৰ্ষতো শ্বহীদ দিৱস পালন কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই (Media Movement in Assam)।

শ্বহীদ দিৱসত অনান্য অনুষ্ঠানৰ লগতে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত হয় । অসমৰ বিশিষ্ট অভিনেত্ৰী তথা কলিয়াবৰৰ জীয়ৰী ৰীণা বৰাই উদ্বোধন কৰে এই একাঙ্কিকা নাট প্ৰতিযোগিতাখনি (Veteran actress Reena Bora) ।

উল্লেখ্য় যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ১৫ত কৈ অধিক নাট্য দলে অংশগ্ৰহণ কৰে এই একাংকিকা নাট প্ৰতিযোগিতাত । এই প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ অৰ্জন কৰে পুৰণিগুদামৰ নাট্য় দলটোৱে । এই দলটোৱে 'দেউতা' নাটকখনৰ বাবে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় (Best drama Deuta)। আনহাতে, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান অৰ্জন কৰে তেজপুৰৰ দলটোৱে । 'যাদুঘৰ' নামৰ নাটকখনৰ বাবে দ্বিতীয় স্থান লাভ কৰে (2nd best drama Jadughar)। ইপিনে,গুৱাহাটীৰ দলটোৰ 'ভয়' নামৰ নাটকখনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে (50th Anniversary of Media Movement) অনুষ্ঠিত বিশেষ অনুষ্ঠানত মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হক, অনিল বৰা, প্ৰমোদ বৰা, বলীন ৰাজখোৱা, নৰেন্দ্ৰ নাথ মহন্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । লগতে আমন্ত্ৰিত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ৫০ গৰাকী ব্যক্তিৰ জৰিয়তে ৫০ গছি বন্তি প্ৰজ্বলন কৰা হয় ।

লগতে পঢ়ক:DAC Election: দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.