ETV Bharat / state

শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা শিবিৰৰ সামৰণি - AWARENESS PROGRAMME in Dhemaji

Child awareness programme: শিশুৱে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সন্দৰ্ভত ধেমাজিত সজাগতামূলক কাৰ্যসূচী ৷ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সজাগতামূলক এটা বাইক ৰেলীও উলিওৱা হয় ৷ স্থানীয় শিশুৰ লগতে অভিভাৱকসকলে অংশগ্ৰহণ কৰে অনুষ্ঠানটোত ৷

Child awareness programme held in dhemaji on various child issues
শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা শিবিৰৰ সামৰণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2024 at 1:30 PM IST

|

Updated : June 12, 2024 at 1:49 PM IST

2 Min Read
Choose ETV Bharat

জোনাই, 12 জুন: মঙলবাৰে জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগত মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডত শিশু অধিকাৰ আৰু সুৰক্ষাৰ অভিযোগ বিচাৰ নিষ্পত্তি সম্বন্ধীয় এখনি সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় ৷

শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা শিবিৰৰ সামৰণি (ETV Bharat Assam)

মঙলবাৰে অনুষ্ঠিত হোৱা এই শিবিৰত কিশোৰৰ ন্যায়, শিশু শিক্ষা, শিশু শ্ৰমিক, শিশু মনোবিজ্ঞান, বাল্য বিবাহ, শিশুৰ যৌন নিৰ্যাতন, শিশুৰ স্বাস্থ্য, শিশুৰ সৈতে সম্পৰ্কিত আন অভিযোগ, শিশুৰ বাবে অন্যান্য আকৰ্ষণ, আধাৰ নামভৰ্তি, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আদি বিভিন্ন বিষয়ত প্ৰয়োজন হোৱা সজাগতা সম্পৰ্কে আলোচনা কৰাৰ লগতে বিশেষভাবে সক্ষম শিশুক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।

মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় সহস্ৰাধিক শিশুৰ লগতে ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই শিবিৰত সমগ্ৰ দেশৰ লগতে ৰাজ্যত বিভিন্ন কাৰণত আধাতে বিদ্যালয় এৰা আৰু বাল্য বিবাহ, যৌন নিৰ্যাতন, শিশু শ্ৰমিক আদিৰ ক্ষেত্ৰত ল’বলগীয়া সজাগতা সন্দৰ্ভত আলোচনা কৰা হয় । ইয়াৰ লগতে এই সন্দৰ্ভত চৰকাৰে দিয়া আঁচনিসমূহ গ্ৰহণ কৰি আইনসমূহ মানি চলাৰ লগতে অভিভাৱক আৰু সাধাৰণ ৰাইজক এইক্ষেত্ৰত সজাগ হোৱাৰ বাবে আহ্বান জনায় ।

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ৰাইজৰ মাজত শিশুৰ অধিকাৰ আৰু সুৰক্ষা সম্বন্ধীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে জোনাই মটৰ চাইকেল ৰাইডাৰ্চৰ সহযোগত সজাগতামূলক এটা বাইক ৰেলীও উলিওৱা হয় ৷

মঙলবাৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত অংকুৰ ভৰালী, ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জোনাই মহকুমাৰ অতিৰিক্ত আয়ুক্ত শান্তনু গগৈ, NCPCR ৰ সদস্য নিখিল কুমাৰ আৰু স্বৰত চালুজা, ASCPCR ৰ সদস্য জানকী খাউণ্ড আৰু ৰিলাঞ্জানা তালুকদাৰ ।

লগতে পঢ়ক: শিশুৰ মনোৰঞ্জনৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে : সিদ্ধাৰ্থ মুখাৰ্জী - florina gogoi hindi movie

Last Updated : June 12, 2024 at 1:49 PM IST