ETV Bharat / state

DAC Election: দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

author img

By

Published : Nov 10, 2022, 1:15 PM IST

Updated : Nov 10, 2022, 1:59 PM IST

Barpeta
Barpeta

বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, আজিৰ তাৰিখত এইখন চৰকাৰে মদৰ বটল আৰু টকা বিলাই ৰাইজৰ ভোট কিনিব নোৱাৰে (Gourav Gogoi criticized BJP) ৷

বৰপেটা, ১০ নৱেম্বৰ : দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত (DAC Election 2022) কংগ্ৰেছ আৰু জেপিপি দলে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ৷ যোৰহাট, শিৱসাগৰ, থাওৰা, মাজুলী, ধেমাজিত কংগ্ৰেছ আৰু কংগ্ৰেছ সমৰ্থিত জেপিপি দলৰ প্ৰাৰ্থী জয়ী হৈছে ৷ এই মন্তব্য কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ (Congress MP Gourav Gogoi comments on DAC election) । আজি অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহি বৰপেটা আৱৰ্ত ভৱনত এই মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

উল্লেখ্য, বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা ৷ উজনি অসমৰ 6 খনকৈ জিলাত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ আজিৰ ভোট গণনাত ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব (Deori Autonomous council election counting) ৷

আনহাতে, বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, আজিৰ তাৰিখত এইখন চৰকাৰে মদৰ বটল আৰু টকা বিলাই ৰাইজৰ ভোট কিনিব নোৱাৰে (Gourav Gogoi criticized BJP) ৷ বিজেপিৰ বিভিন্ন প্ৰকাৰৰ হাৰাশাস্তি, মূল্যবৃদ্ধিৰ অত্যাচাৰ, নিবনুৱাৰ আশাৰ সপোনত চেঁচাপানী ঢলা আদিৰ দৰে কাৰ্যৰ ফল বিজেপিয়ে এই নিৰ্বাচনত পাইছে বুলিও তেওঁ মন্তব্য কৰে ৷

ইফালে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভতো মন্তব্য কৰে গৌৰৱ গগৈয়ে । তেওঁ কয়, কংগ্ৰেছ দলৰ ভাৰত জোড়ো কাৰ্যসূচীৰ জৰিয়তে ৰাইজে এক সাহস পাইছে, বিকল্প পথৰ সন্ধান পাইছে ৷ দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ পিচত অনাগত দিনত ভাৰত জোড়ো যাত্ৰা কেনেকৈ অধিক সফল কৰিব পৰা যায় তাৰ ওপৰতো চিন্তা-চৰ্চা কৰা বুলি কলিয়াবৰৰ সাংসদগৰাকীয়ে উল্লেখ কৰে ।

লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনক কংগ্ৰেছে অধিক গুৰুত্ব দিবলৈ প্ৰস্তুত হৈছে বুলিও গৌৰৱ গগৈয়ে লগতে কয় ৷ ইফালে গৌৰৱ গগৈৰ বিজেপিৰ বিৰুদ্ধে অভিযোগ, কংগ্ৰেছৰ সভালৈ গ'লে হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকি দিয়ে বিজেপিয়ে ৷ ৰাইজে এনে দমনমূলক ৰাজনীতিৰ বিকল্প বিচাৰে বুলিও তেওঁ কয় ৷ আনহাতে, অসমত বৰ্তমান চলি থকা ৰাৱণৰাজৰ পৰা অসমৰ ৰাইজে মুক্তি বিচৰা বুলিও গৌৰৱ গগৈয়ে তীৰ্যক মন্তব্য কৰে

লগতে পঢ়ক :DAC Election Result 2022: জোনাইত নিৰ্বাচনৰ ফলাফল ঘোষণা

Last Updated :Nov 10, 2022, 1:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.