200 কোটি টকা পায়ো এজন অভিনেতাই প্ৰত্যাখান কৰিব পাৰে ছবি ! - adil hussain sandeep reddy
Sandeep Reddy Vanga Animal : বিশ্বব্যাপী সমাদৃত এজন অভিনেতাই কয় যে তেওঁক ২০০ কোটি টকাৰ প্ৰস্তাৱ দিলেও তেওঁ এখন বিশেষ ছবিত কেতিয়াও অভিনয় নকৰিলেহেতেন ৷ এই মন্তব্যই নিশ্চয় ছবিখনৰ নিৰ্মাতাক ক্ষোভিত কৰি তুলিছে ৷ জানো আহকচোন প্ৰকৃত ঘটনাটো-

Published : June 12, 2024 at 1:06 PM IST
চিটাৰা ডেস্ক, 12 জুন : এটা বছৰত বহুতো চিনেমাই মুক্তি লাভ কৰে ৷ বক্স অফিচত কিছু ছবি সফল হয় আৰু কিছু ছবি বিফল হয় ৷ সফলতা-বিফলতাৰ মাজত কিছুমান ছবিয়ে কিন্তু দৰ্শক, সমালোচক সকলোৰে মনতে ক্ৰিয়া কৰে ৷ তেনে এখন ছবি হৈছে বিগত বৰ্ষৰ 1 ডিচেম্বৰত মুক্তি লাভ কৰা এনিমেল ৷
ছবিগৃহত মুক্তি লাভ কৰিলে এনিমেলে, একাংশই বহুত ভাল পালে, একাংশই কেৱল ভাল, বহুতে বেয়া পালে, সমালোচকে সমালোচনা কৰিলে, কিন্তু ছবিখন চিনেমা হলত চলি থাকিল ৷ বক্স অফিচত সুন্দৰ প্ৰদৰ্শন এনিমেলৰ ৷ সকলোৱে নিজৰ নিজৰ দৃষ্টিভংগীৰ পৰা এনিমেল চালে উপভোগ কৰিলে, বেয়া পোৱাই আধাতে এৰিলে ৷ কিন্তু উল্লেখ কৰিবলগীয়া কথাটো হ’ল যোৱাবছৰেই মুক্তি পোৱা ছবিখনক লৈ বিতৰ্ক এতিয়াও শেষ হোৱা নাই ৷
‘কবীৰ সিং’ ছবিখনত কাম কৰা এজন অভিনেতাই কৈছে ২০০ কোটি টকা পালেও তেওঁ সন্দীপ ৰেড্ডী ভাংগাৰ এনিমেল ছবিখন নকৰিলেহেঁতেন । ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মন্দানা অভিনীত মেগা ব্লকবাষ্টাৰ ছবি ‘এনিমেল’ এতিয়াও বাতৰিৰ শিৰোনামত । ছবিখন সন্দৰ্ভত অভিনেতা আদিল হুছেইন আৰু এনিমেলৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ মত বিৰোধ এতিয়াও চলি আছে ।
লগতে পঢ়ক : তিনিদিনত ৫১ লাখতকৈ অধিক উপাৰ্জন "স্বৰ্গৰথ" ৰ - New assamese film swargarath
আদিল হুছেইনে তেওঁৰ শেহতীয়া বিবৃতিত কৈছে যে তেওঁক মাচুল হিচাপে ২০০ কোটি টকাৰ প্ৰস্তাৱ দিয়াহেঁতেনো তেওঁ এনিমেল ছবিখন নকৰিলেহেঁতেন । মন কৰিবলগীয়া যে সন্দীপৰ ছবি ‘কবীৰ সিং’ ত আদিল হুছেইনে কাম কৰিছিল ।
আদিল হুছেইনৰ দৃষ্টিত সন্দীপ ৰেড্ডী ভাংগা এগৰাকী নাৰীবিদ্বেষী misogynist (অৰ্থাৎ নাৰীক সন্মান নকৰা আৰু নাৰীক সেৱনৰ বস্তু বুলি গণ্য কৰা ব্যক্তি)। এই বক্তব্যৰ পিচতে সন্দীপ ৰেড্ডীৰ খং উঠে আৰু তেওঁ AI ৰ সহায়ত কবীৰ সিং ছবিখনত আদিলৰ চৰিত্ৰ সলনি কৰাৰ কথা কয় ।
সন্দীপে আদিল হুছেইনক কটাক্ষ কৰি এক বিবৃতিত কয়, ‘আপুনি ৩০ খন কলা ছবি কৰিছে, কিন্তু আপোনাক কোনেও চিনি নাপায়, কিন্তু আপুনি মোৰ এখন ছবি কবীৰ সিঙৰ জৰিয়তে মানুহৰ দৃষ্টিগোচৰ হ’ল, এতিয়া মই আক্ষেপ কৰিছো যে মই আপোনাক কাষ্ট কৰিছিলো ৷’
সন্দীপৰ বক্তব্যক প্ৰত্যুত্তৰত আদিলে কয়, ‘মই এতিয়া এই বিষয়ত কি কওঁ ? অতি দুৰ্ভাগ্যজনক যে তেওঁ এনেদৰে চিন্তা কৰে, তেওঁৰ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিলে, সেইবাবে হয়তো তেওঁৰ চিন্তাধাৰা এনেকুৱা হৈ পৰিছে ।’
আদিল হুছেইনে কয়, ‘মই কবীৰ সিঙৰ সংগ্ৰহ নাজানো কিন্তু লাইফ অফ পাইয়ে 1 বিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল, মই নাভাবো যে তেওঁ ইয়াৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে, মই এতিয়ালৈকে এনিমেল চোৱাও নাই । একে সময়তে, যেতিয়া তেওঁক শেহতীয়া সাক্ষাৎকাৰটোত সোধা হৈছিল যে যদি তেওঁ এনিমেলত চৰিত্ৰৰ প্ৰস্তাৱ পালেহেঁতেন, তেতিয়া তেওঁ কি কৰিলেহেঁতেন ? অভিনেতাজনে কৈছিল, ‘তেওঁ মোক 100-200 কোটি দিলেও, মই এনে এখন চিনেমা নকৰো ।’
লগতে পঢ়ক : শিহৰণকাৰী ঘটনা এটাৰ পাচত ভুক্তভোগীৰ জীৱন কেনেদৰে আগবাঢ়ে ? - Kooki hindi movie

