Farmers Day at Agricultural Research Station: ধানখেতি বৰ্তমান লাভজনক ব্যৱসায়লৈ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে: বিদ্যুৎ চন্দন ডেকা

author img

By

Published : Nov 10, 2022, 2:25 PM IST

Regional Agricultural Research Station

তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত কৃষক দিৱস পালন(Regional Agricultural Research Station, Titabor) । অনুষ্ঠানত অংশগ্ৰহণ কৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই ৷ তেওঁ ধানখেতি বৰ্তমান লাভজনক ব্যৱসায়লৈ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে বুলি অনুষ্ঠানত মন্তব্য কৰে ।

যোৰহাট, ১০ নৱেম্বৰ: ধান খেতিয়ে বৰ্তমান সময়ত খেতিৰ দিশত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে । ধানক লৈ বিভিন্ন ব্যৱসায় গঢ় লৈ উঠিছে আৰু ইয়াৰ জৰিয়তে আমাৰ কৃষকে ধানখেতিক লাভজনক কৃষিলৈ উত্তৰণ ঘটোৱাৰ‌ সম্ভাৱনা বৃদ্ধি পাইছে । ধানৰ লগত জড়িত বেলেগ বেলেগ ব্যৱসায়ৰ জৰিয়তে লাভ ‌বহু বৃদ্ধি কৰাই নহয় ইয়াক এক লাভজনক ব্যৱসায়লৈ পৰিবৰ্তনৰ কৰিবলৈ সুযোগ আহিছে । যোৰহাটৰ তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত বুধবাৰে অনুষ্ঠিত কৃষক দিৱসৰ কাৰ্যসূচীত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই(Assam Agricultural University Vice-Chancellor) ।

Regional Agricultural Research Station
তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত কৃষক দিৱস পালন

গৱেষণা কেন্দ্ৰৰ খেতি ফাৰ্মত অনুষ্ঠিত কাৰ্যসূচীত আদৰণি বক্তব্যত কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড৹ সঞ্জয় কুমাৰ চেতিয়াই‌ অসমৰ কৃষি আৰু কৃষকৰ উন্নয়ন সাধনৰ বাবে তথা সামগ্ৰিকভাৱে ৰাজ্যৰ কৃষি গৱেষণাৰ দিশত তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই গ্ৰহণ কৰা ভূমিকা বিষয়ে আলোকপাত কৰে । অনুষ্ঠানটোত তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই কয় যে, কৃষকৰ সমস্যা কৃষকেহে ভালকৈ বুজি পায় । ময়ো যিহেতু কৃষক গতিকে কৃষকৰ সমস্যা ভালকৈ অনুধাৱন কৰো । সেয়ে মই অনুভৱ কৰোঁ গাঁৱৰ ক্ষুদ্ৰ কৃষকে যেতিয়া চৰকাৰী সমৰ্থিত মূল্যত কম কমকৈ হ'লেও ঘৰৰ ওচৰতে ধান বেচিব পাৰিব তেতিয়াহে কৃষকৰ প্ৰকৃত লাভ হ'ব ।

Regional Agricultural Research Station
তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত কৃষক দিৱস পালন

আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্যই ভাষণ প্ৰসংগত কয় যে, অসমৰ খেতিৰ যুগান্তকাৰী পৰিৱৰ্তনৰ দিশত তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । বিভিন্ন সময়ত ভিন্ন কৃষি পৰিবেশৰ জাত উদ্ভাৱন কৰি কৃষি বাণিজ্যৰ প্ৰসাৰৰ দিশত বহু পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰগতিশীল মহিলা কৃষক শিখামণি বৰগোহাঁইয়ে বক্তব্য ৰখা অনুষ্ঠানত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠকে কয় যে সময়ৰ পৰিবৰ্তনৰ লগত খাপ খোৱাকৈ কৃষিক আগবঢ়াই নিব লাগিব । খেতিৰ বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি নতুন নতুন জাত উদ্ভাৱন কৰি‌ পৰিবৰ্তিত প্ৰযুক্তিৰে সৈতে আগবাঢ়ি যাব লাগিব ।

অনুষ্ঠানটোত ড৹ প্ৰদীপ দে আৰু তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী দেৱী দাস হাইলিংগেয়ে বক্তব্য আগবঢ়ায় । কৃষক আৰু বিজ্ঞানীৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠিত হোৱা কৃষক দিৱসৰ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰি ফিটা কাটি মুকলি কৰে প্ৰগতিশীল মহিলা কৃষক শিখামণি বৰগোহাঁইয়ে । আনহাতে কৃষি আৰু কৃষি উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই । এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড৹ অনুপ কুমাৰ দাস, ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণা প্ৰতাপ ভূঞা, প্ৰাক্তন কৃষি গৱেষণা সঞ্চালক অৰুণ কুমাৰ পাঠক, তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ পূৰ্বৰ মুখ্য বিজ্ঞানী তমিজুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড৹ তপন দত্ত প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপকসকল, গৱেষক-বিজ্ঞানীসকল আৰু তিনি শতাধিক কৃষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Preparation of UPPL Conference: ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে সাজু জৌগালু পথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.