DAC Election Result 2022: যোৰহাট পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীৰ জয়লাভ

author img

By

Published : Nov 10, 2022, 2:17 PM IST

Congress Candidate Keshab deori win fron Jorhat

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত যোৰহাটত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীয়ে(Congress Candidate Keshab deori win) ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীক ১৩৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

যোৰহাট, ১০ নৱেম্বৰ: দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত যোৰহাট ৮ নং পৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছ দল প্ৰাৰ্থী কেশৱ দেউৰীয়ে(Congress Candidate Keshab deori win ) বিজয় সাব্যস্ত কৰে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ১৩৩টা ভোটৰ ব্যৱধানত মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীক পৰাস্ত কৰে । দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পশ্চিম যোৰহাটৰ ৮নং পৰিষদীয় সমষ্টিত ১,৯৭৫ গৰাকীৰ ভোটাধিকাৰ আছিল আৰু ১,৭১৪ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৷

যোৰহাট পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীৰ জয়লাভ

আজি ভোটগণনাত ৮নং পৰিষদীয় সমষ্টি পৰাৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী কেশৱ দেউৰীয়ে ৯১৮টা ভোট লাভ কৰে(Deori Autonomous council election counting) ৷ ইয়াৰ বিপৰীতে মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীয়ে ৭৮৫ টা আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী জোমন দেউৰীয়ে ১১টা ভোট লাভ কৰে ৷ আনহাতে ন’টাত পৰে ৫৫টা ভোট । কেশৱ দেউৰীৰ সমৰ্থকসকলে আনন্দতে ভোট গণনা কেন্দ্ৰৰ সমীপতে বিহু নাচি আনন্দত উল্লাস কৰে ।

বিজয়ী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদমাধ্যৰ আগত ছাত্ৰ-ছাত্ৰী তথা নিবনুৱা সমস্যা সমাধানত প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে ৷ আনহাতে সমষ্টিটোত পৰাজয়বৰণ কৰাৰ পিছত মিত্ৰদল তথা অগপৰ শিৱিৰত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷

উল্লেখযোগ্য যে অগপৰ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কেনেডী দেউৰীক জয়যুক্ত কৰাবলৈ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৮নং পৰিষদীয় সমষ্টিত মন্ত্ৰী-বিধায়কৰ পৰাৰ শীৰ্ষ ৰাজনৈতিক নেতাই বাহৰ পাতি নিৰ্বাচনীৰ প্ৰচাৰ চলাইছিল । দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৮নং দেউৰীৰ স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় সমষ্টিটো নামদেউৰী আৰু ওপৰদেউৰীৰ দুখন বৃহৎ গাঁৱক লৈ গঠিত ।

লগতে পঢ়ক : BJP Candidate Bhaskar Deori won: ডিব্ৰুগড়ত বিজেপি কৰ্মীৰ বিজয়োল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.