ETV Bharat / state

Teenage girl dies of food poisoning: ৰাস চাবলৈ গৈ চাওমিন খাই মৃত্যুক সাৱটিলে কিশোৰীয়ে

author img

By

Published : Nov 10, 2022, 2:07 PM IST

teenage-girl-dies-of-food-poisoning-after-eating-chowmein-in-nalbari-raas
চাওমিন খাওঁতে সাৱধান! চাওমিন খাই মৃত্যুক সাৱটিলে কিশোৰীয়ে

নলবাৰীৰ বৰমা ৰোডত সংঘটিত শোকাৱহ ঘটনা । ৰাস মহোৎসৱত ফাৰ্ষ্ট ফুড খাই শোকাবহভাৱে মৃত্যুক আকোঁৱালি ল’লে মেধাৱী ছাত্ৰীয়ে (Teenage girl dies of food poisoning ) ৷

নলবাৰী, ১০ নৱেম্বৰ: নামনি অসমৰ ৰাস বুলি ক’লেই সকলোৰে মনলৈ আহে নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ ৷ ইতিমধ্যে বিগত 7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ (Nalbari Raas Mahotsav) ৷

চাওমিন খাওঁতে সাৱধান! চাওমিন খাই মৃত্যুক সাৱটিলে কিশোৰীয়ে

সম্প্ৰতি লোকাৰণ্য হৈ পৰিছে শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ (Nalbari Raas mahotsav 2022) ৷ এই আনন্দ উল্লাসৰ মাজতে নলবাৰীৰ বৰমা ৰোডত সংঘটিত হয় শোকাবহ ঘটনা । ৰাস মহোৎসৱত ফাৰ্ষ্ট ফুড খাই শোকাৱহভাৱে মৃত্যুক আকোঁৱালি ল’লে মেধাৱী ছাত্ৰী নাজমিন চুলতানাই (Teenage girl dies of food poisoning ) ৷

ঘটনা অনুসৰি বুধবাৰে ষষ্ঠ শ্ৰেণীৰ মেধাবী ছাত্ৰী নাজমিন চুলতানাই ককাকৰ সৈতে নলবাৰী হৰি মন্দিৰত চলি থকা ৰাস মহোৎসৱ চাবলৈ গৈছিল ৷ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ গৈ ঘৰলৈ উভতি অহাৰ সময়ত এখন হোটেলত চাওমিন খাই ঘৰলৈ উভতি আহিছিল ৷

তাৰ পিছতেই নিশা প্ৰায় তিনিমান বজাত হঠাৎ অসুস্থ হৈ পৰিছিল নাজমিন ৷ কিছুসময়ৰ পিছত নাজমিন চুলতানাই বমি কৰিবলৈ লয় ৷ লগে লগে পৰিয়ালৰ লোকে তেওঁক নলবাৰীস্থিত ইউনাইটেড হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যায় ৷

পিছে নাজমিনৰ অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নলবাৰীৰ সাৰথি হাস্পতাললৈ লৈ যায় পৰিয়ালৰ লোকে ৷ কিন্তু সাৰথি হাস্পতালত (Sarathi Multi speciality hospital of Nalbari) চিকিৎসকে নাজমিনক মৃত বুলি ঘোষণা কৰে ৷ নিজৰ একমাত্ৰ কন্যা সন্তান নাজমিন চুলতানাৰ অকাল বিয়োগত পিতৃ-মাতৃ কান্দোনত ভাগি পৰিছে ৷

দুর্ভগীয়া পৰিয়ালটোৱে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী কৰিছে যে খাদ্য বিপনীখনৰ স্বত্বাধিকাৰীক আইনী শাস্তি প্ৰদান কৰিব লাগে ৷ স্বত্বাধিকাৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই খাদ্যত বিষক্ৰিয়া ঘটি অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল নাজমিন চুলতানাই ৷

ইয়াৰ লগতে নলবাৰী ৰাস মহোৎসৱত অবৈধভাৱে গঢ়ি উঠা খাদ্যৰ বিপনী সমূহৰ ওপৰত প্ৰসাশনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ভুক্তভোগী পৰিয়ালটোৰ লগতে সচেতন ৰাইজে ৷ এই ঘটনাৰ পিছত সম্প্ৰতি অঞ্চলটোত এক হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: Police beaten at Sonari: কৰ্তব্যৰত আৰক্ষীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুই সুৰাপায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.