Police beaten at Sonari: কৰ্তব্যৰত আৰক্ষীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুই সুৰাপায়ীৰ

By

Published : Nov 10, 2022, 12:53 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

সোণাৰিত ৰাসৰ উলহ মালহৰ মাজতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Police beaten at Sonari) ৷ সোণাৰিৰ কাকতিবাৰীত ৰাস মহোৎসৱত কৰ্তব্য পালন কৰি থাকোতেই বুধবাৰে নিশা কৰ্তব্যৰত আৰক্ষীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে দুই সুৰাপায়ীয়ে ৷ গুৰুতৰভাৱে আহত আৰক্ষী জোৱানজনৰ নাম লীলা ফুকন বুলি জানিব পৰা গৈছে (Police beaten by two people at Sonari) ৷ আৰক্ষী জোৱানজনে জানিবলৈ দিয়া মতে তেওঁৰ কন্যাই প্ৰস্ৰাৱ কৰিবলৈ এঘৰ ব্যক্তিৰ ঘৰত সোমোৱাত তেওঁ ব্যক্তিজনৰ ঘৰৰ চোতালত ৰৈ থকা অৱস্থাত দুজন উদণ্ড যুৱকে প্ৰহাৰ কৰে ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে চিকিৎসকৰ কাষ চাপি স্বাস্থ্য পৰীক্ষা কৰিছে আঘাতপ্ৰাপ্ত জোৱানজনে ৷ এই ঘটনা সন্দৰ্ভত আইনৰ কাষ চাপিব বুলিও জানিবলৈ দিছে আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজনে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.