ETV Bharat / state

চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰ আৰু নাই; শোকস্তব্ধ যোৰহাট - Sankar Jyoti Parashar Passes Away

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:06 PM IST

Dr Sankar Jyoti Parashar Passes Away: হাঁহিমুখে চিকিৎসা কৰি সহস্ৰজনক কন্দুৱাই চিৰবিদায় মাগিলে বিশিষ্ট চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰে । তেওঁৰ অকাল মৃত্যুত শোকস্তব্ধ যোৰহাট । মৃত্যুৰ দুদিন আগলৈকে ব্যস্ত আছিল ৰোগীৰ পৰিচৰ্যাত ।

Dr Sankar Jyoti Parashar Passes Away
যোৰহাটৰ বিশিষ্ট চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰৰ মৃত্যু (ETV Bharat Assam)

যোৰহাট, ১৬ মে': যোৰহাটৰ বিশিষ্ট চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰ আৰু নাই । দুদিন পূৰ্বলৈকে ৰোগীক সেৱা কৰি থকা মেডিচিন বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ পৰাশৰৰ ৰোগীক চিকিৎসা কৰি থকাৰ সময়তে হঠাৎ ষ্ট্ৰোক হোৱাত বুধবাৰে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট চিকিৎসকগৰাকীৰ । মৃত্যুৰ সময়ত ডাঃ শংকৰ জ্যোতি পৰাশৰৰ বয়স হৈছিল ৫২ বছৰ ।

উল্লেখযোগ্য যে যোৱা ১৪ মে' তাৰিখে বিয়লিলৈকে যোৰহাটৰ বৰুৱা চাৰিআলিস্থিত মিনাক্ষী ড্ৰাগছত ৰোগীক চোৱাত ব্যস্ত আছিল প্ৰয়াত ডাঃ পৰাশৰ । তাৰ পিচত সন্ধিয়া ডাঃ পৰাশৰে যোৰহাটৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ আইচিইউত এগৰাকী ৰোগীৰ চিকিৎসা কৰি থকাৰ সময়তে নিশা প্ৰায় ৮.৩০ বজাত হৃদৰোগত আক্ৰান্ত হয় ।

নিশাতেই তেওঁক তেওঁৰ কথা মতেই যোৰহাটৰ মিছন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বুধবাৰে পুৱা প্ৰায় ৪.৩০ বজাত গুৱাহাটীলৈ নিয়া হয় । কিন্তু গুৱাহাটীলৈ যোৱাৰ পথত তেওঁ ষ্ট্ৰোকত আক্ৰান্ত হয় । ফলত চিকিৎসকগৰাকীৰ মস্তিষ্কৰ ৰক্তক্ষৰণ হয় । তাৰ পাচত তেওঁক গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । বুধবাৰে ততাতৈয়াকৈ তেওঁৰ মস্তিষ্কৰ অস্ত্ৰোপচাৰো কৰা হয় ।

কিন্তু তাৰ পাচত তেওঁ কমালৈ গতি কৰে । পৰৱৰ্তী সময়ত তেওঁক ভেণ্টিলেচনত ৰখা হয় আৰু ভেণ্টিলেচনত থকা অৱস্থাতে বৃহস্পতিবাৰে বিশিষ্ট তথা জনপ্ৰিয় চিকিৎসকগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে ।

উল্লেখযোগ্য যে ডাঃ পৰাশৰে যোৰহাটত শিক্ষা গ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা মেডিকেল শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । বিশিষ্ট চিকিৎসকগৰাকীয়ে মৃত্যুৰ সময়ত মাতৃ, পত্নী, এগৰাকী কন্যা, ভাতৃ-ভগ্নীসহ এক বৃহৎ পৰিয়ালৰ লগতে অজস্ৰ অনুৰাগীক এৰি থৈ যায় ।

বিশিষ্ট চিকিৎসকগৰাকীৰ মৃত্যুত যোৰহাট প্ৰেছ ক্লাব, যোৰহাট জিলা ছাত্ৰ সন্থা, যোৰহাট জিলা ক্ৰীড়া সন্থা, যোৰহাট জিলা চিকিৎসক সন্থা, যোৰহাট জিলা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সন্থা, যুৱ ছাত্ৰ পৰিষদ, ঔষধ ব্যৱসায়ী সন্থা প্ৰমুখ্যে শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে শোক প্ৰকাশ কৰে ।

অসম সেনাৰ শোক প্ৰকাশ

যোৰহাটৰ এগৰাকী জনপ্ৰিয় চিকিৎসক ডাঃ শংকৰ জ্যোতি পৰাশৰৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে ৷ এক শোকবাৰ্তাত বৰদলৈয়ে কয়, "ৰোগীসকলৰ লগত সদায় সু-সম্পৰ্ক বৰ্তাই ৰখা, নিৰ্ভৰযোগ্য এগৰাকী চিকিৎসকৰ মৃত্যুত আমি অত্যন্ত মৰ্মাহত হৈছোঁ । এয়া সমগ্ৰ যোৰহাটবাসীৰ বাবে অপূৰণীয় ক্ষতি ৷ প্ৰয়াত চিকিৎসকগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷"

লগতে পঢ়ক :তেজৰ নামত চলিছে দালালি; অসম চিকিৎসা মহাবিদ্যালয়ত 6 দালাল আটক - Blood Broker Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.