Eviction in Nagaon: নগাঁৱত ৰে'ল বিভাগৰ ভূমিত উচ্ছেদ অভিযান

author img

By

Published : Nov 10, 2022, 2:12 PM IST

Eviction in Nagaon

দীৰ্ঘদিনৰ পৰা বিতৰ্কত থকা নগাঁৱৰ ৰে'ল বিভাগৰ ভূমিত চলিল জিলা প্ৰশাসন আৰু ৰে'ল বিভাগৰ উচ্ছেদ অভিযান (Railway department and administration eviction)। বহু বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছে । শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান । উচ্ছেদিত পৰিয়ালক সংস্থাপিত কৰাৰ দাবী ।

নগাঁও,১০ নৱেম্বৰ : বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে (Eviction in Assam)। ইয়াৰ মাজতে দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত নগাঁৱৰ ৰে'লৱেৰ ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ (Eviction on railway land in Nagaon)। বছৰ বছৰ ধৰি ৰে'ল বিভাগৰ মাটি বেদখল কৰি থকা পৰিয়ালৰ বাসগৃহ ভাঙিলে প্ৰশাসনে । বৃহস্পতিবাৰে পুৱাই ৰে'ল বিভাগে নগাঁও জিলা প্ৰশাসনৰ সহযোগত চহৰৰ মৰিকলঙত আৰম্ভ হয় এই উচ্ছেদ অভিযানৰ ।

নগাঁৱত ৰে'ল বিভাগৰ ভূমিত উচ্ছেদ অভিযান

আৰক্ষী, চিআৰপিএফ বাহিনীৰ এটা বৃহৎ দল সেই স্থানত পুৱাই উপস্থিত হৈ আৰম্ভ কৰে উচ্ছেদ অভিযান । বুল্ড'জাৰৰ সহায়ত এফালৰ ভাঙি দিয়া হয় বেদখলকাৰীৰ বাসগৃহ । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে শতাধিক বাসগৃহ উচ্ছেদ কৰে ৰে'ল বিভাগ আৰু জিলা প্ৰশাসনে । উচ্ছেদ অভিযানত জিলা প্ৰশাসনে ব্যৱহাৰ কৰে ৩ খনকৈ বুল্ড'জাৰ ।

ইয়াৰ পূৰ্বে নগাঁৱৰ ৰে'ল বিভাগৰ ভূমিত বাস কৰা মুঠ ১০০০ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জাননী প্ৰেৰণ কৰিছিল ৰে'ল বিভাগে । নিৰ্দিষ্ট সময়ৰ ভিতৰত বেদখল কৰা ভূমি এৰি নিদিয়াত ৰে'ল বিভাগ আৰু প্ৰশাসনে অঞ্চলটোত উচ্ছেদ চলায় । ইফালে ১০০০ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে উচ্ছেদ কৰা হ'ব বুলি জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ কৰিছে ।

আনহাতে ৰে'ল বিভাগ আৰু জিলা প্ৰশাসনে বৃহস্পতিবাৰৰ পৰা চলোৱা উচ্ছেদক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । উচ্ছেদিত পৰিয়ালেও প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । বিগত প্ৰায় ৪০-৫০ বছৰ ধৰি বাস কৰি অহা বুলি দাবী কৰি বাসগৃহ উচ্ছেদৰ পূৰ্বে পৰিয়ালকেইটাক সংস্থাপিত কৰাৰ দাবী জনায় লোকসকলে । ইফালে বছৰ বছৰ ধৰি ভোটদান কৰি অহা পৰিয়ালকেইটাই কোনো দিনে চৰকাৰৰ কোনো সুবিধা লাভ নকৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, নগাঁৱত ৰে'ল বিভাগৰ বহু ভূমি বেদখল কৰি থকা পৰিয়ালকেইটাক পূৰ্বেও বহুবাৰ বেদখলকৃত ভূমি এৰি দিবলৈ জাননী জাৰি কৰা হৈছিল । ৰে'ল বিভাগ আৰু জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পাছতেই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালকেইটাৰ মাজত । অৱশ্যে শান্তিপূৰ্ণভাৱেই চলি আছে জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ।

লগতে পঢ়ক:Journalist Suicide: যোৰহাটত নিউজ প’ৰ্টেলত কৰ্মৰত সাংবাদিকৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.