ETV Bharat / state

Top ten news: পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Dec 7, 2022, 9:00 AM IST

Updated : Dec 7, 2022, 11:01 AM IST

Top ten news
Top ten news

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

Cabinet at Gandhi Mandap: ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত বুধবাৰে কেবিনেট বৈঠক

এইবাৰ গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক(Assam Government cabinet meeting) ৷ ইয়াকে লৈ ব্যস্ততা বাঢ়িছে নেতা-মন্ত্ৰীসকলৰ লগতে জিলা প্ৰশাসন আৰু বিভাগীয় বিভাগসমূহৰ মাজত (Assam Government cabinet meeting will be in Guwahati)।

APSC Scam: ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল বৃদ্ধি

অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে ২০ মে'ত অৰ্পণ কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক (APSC Appointment scam) । ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও পুনৰ ছমাহৰ বাবে আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হয় ।

FIFA World Cup 2022: পৰ্তুগালৰ বিজয়ৰ নায়ক হৈ পৰিল নৱাগত গ’নচেলো ৰামোছ

ছুইজাৰলেণ্ডৰ বিৰুদ্ধে হেট্ৰিক কৰি পর্তুগালক ৬-১ গ’লত আগুৱাই লৈ গ’ল নৱাগত ফৰৱাৰ্ড খেলুৱৈ গ’নচেলো ৰামোছে (Goncalo Ramos scored hat trick) ৷ ক্ৰিষ্টিয়ানো ৰোনাল্ডো অবিহনেই ফিফা বিশ্বকাপৰ গ্ৰুপ 16 ত বিজয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে পৰ্তুগালে (Portugal vs Switzerland match report) ৷

Morocco advance at World Cup: স্পেইনক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

পেনাল্টি শ্বুট আউটত স্পেইনক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ মৰক্কোৰ (Morocco beats Spain on penalties) ৷ মৰক্কোৱে কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ বিৰুদ্ধে খেলিব (Qatar World Cup matches) ।

Himanta Biswa Sarma in Nalbari: নলবাৰীত মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা

৬৭৮.৪৩ কোটি টকা ব্যয় সাপেক্ষে নলবাৰীত ৯ টা কামৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে উত্তৰ-পূৱৰ প্ৰথমটো 3D তাৰকাগৃহ মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে(3D planetarium in Nalbari) ৷

Ankuran Dutta new director of Indian Cultural Centre: শ্ৰীলংকাত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ নতুন সঞ্চালক ৰূপে নিযুক্ত অংকুৰণ দত্ত

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই । গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত ।

Man bite many people: গোলাঘাটৰ মাজ মজিয়াত মানুহ কামোৰা মানুহৰ তাণ্ডৱ

এজন যুৱকৰ তাণ্ডৱক ৰোধ কৰিবলৈ প্ৰায় তিনি ঘণ্টা জোৰা এক যুঁজ ৷ কুকুৰ বা মেকুৰীৰ কামোৰত নহয়, এইবাৰ এজন যুৱকৰ কামোৰত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয় পালেগৈ গোলাঘাটৰ এজন আৰক্ষী (Man bite many people in Golaghat )। তাৰপাছতেই এক তিনিঘন্টা জোৰা যুঁজ চলিল সাধাৰণ জনতা, আৰক্ষী আৰু আৰক্ষীক কামোৰা যুৱকৰ মাজত ৷

Gold ATM in Hydearabad:- হায়দৰাবাদত মুকলি ভাৰতৰ প্ৰথমটো সোণ ক্ৰয় কৰা ATM

ভাৰতত মুকলি কৰা হ’ল ভাৰতৰ প্ৰথমটো সোণ ক্ৰয় কৰিব পৰা বা সোণ উলিয়াব পৰা ATM (Gold ATM in India) ৷ যিটো ATMত আপুনি আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ক্ৰয় কৰিব পাৰিব সোণ(Gold withdraw by ATM) ৷ হায়দৰাবাদত 3ডিচেম্বৰত গ্ৰাহকৰ বাবে মুকলি কৰা হয় এই ATM(Gold ATM Hyderabad) ৷

Literary pension 2022: ২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন

অৱশেষত ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন । মুঠ ২৩গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে এই পেঞ্চন (Literary pension for the year 2022 announced)৷

National AYUSH Institutions : ১১ ডিচেম্বৰত মুকলি হ’ব তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১১ ডিচেম্বৰত তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব (National AYUSH Institutions)। পৰম্পৰাগত চিকিৎসা আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু গৱেষণাৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Last Updated :Dec 7, 2022, 11:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.