ETV Bharat / state

Literary pension 2022: ২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন

author img

By

Published : Dec 6, 2022, 7:25 PM IST

Updated : Dec 6, 2022, 7:52 PM IST

অৱশেষত ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন । মুঠ ২৩গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে এই পেঞ্চন (Literary pension for the year 2022 announced)৷

Literary pension for the year 2022 announced
Literary pension 2022: ২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন

গুৱাহাটী,৬ ডিচেম্বৰ: ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন (Literary pension 2022)৷ ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন (Literary pension to 23 writers)৷ সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে ২৩ গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চনেৰে সন্মানিত কৰিছে (Literary pension for the year 2022 announced)৷

২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন
২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন

সাহিত্যিক পেঞ্চন লাভ কৰা বিশিষ্ট সাহিত্যিক কেইগৰাকী হৈছে ক্ৰমে তৰুণ বৰ্মন (কামৰূপ মেট্ৰ), আনন্দ ৰাম ৱাৰি (বাক্সা), অশোক কুমাৰ বৰ্মা (কাছাৰ), ৰতিশ দাস (হোজাই), শৈলেন্দ্র ভট্টাচাৰ্য (কামৰূপ মেট্ৰ), ৰত্নেশ্বৰ নাৰ্জাৰী (কাৰ্বি আংলং),

২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন
২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন

মনোমতী কুৰ্মী (শোণিতপুৰ), পৰাণ কুমাৰ বৰুৱা (নগাঁও), শ্রুতি কুমাৰ সিং (হোজাই), ড৹ বসন্ত কুমাৰ শৰ্মা (বজালী), ড৹ বিদ্যেশ্বৰ দলে (ধেমাজি), ড৹ ভাৰতী দত্ত (ডিব্ৰুগড়),

২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন
২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন

প্রকাশ চন্দ্র ৰাভা (গোৱালপাৰা), নিজৰা বৰঠাকুৰ (গোলাঘাট), দেৱ প্রসাদ তালুকদাৰ (কামৰূপ মহানগৰ), ড৹ জয়ন্ত কুমাৰ গোস্বামী (কামৰূপ মহানগৰ), ড৹ মলয়া খাউণ্ড (কামৰূপ মহানগৰ), ধীৰেন্দ্র তালুকদাৰ (বজালী), বিপুল চন্দ্র ভট্টাচাৰ্য (নগাঁও), শিশিৰ সেনগুপ্তা (কামৰূপ মহানগৰ), পৰী ৰংপী (কাৰ্বি আংলং), ৰফিকুল হুছেইন (গোলাঘাট), আৰু অচ্যুতানন্দ দেৱ গোস্বামী (বিশ্বনাথ)।

লগতে পঢ়ক: AGP Founder Leader Khanin Mahanta: অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ নেতা খনিন মহন্ত গুৰুতৰভাৱে অসুস্থ

Last Updated : Dec 6, 2022, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.