ETV Bharat / bharat

ডি আৰ ডি অ’ৰ বিজ্ঞানী নিশান্ত আগৰৱালাক যাৱজ্জীৱন কাৰাদণ্ড - EX BRAHMOS ENGINEER LIFE SENTENCE

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:09 PM IST

Ex-Brahmos Engineer Nishant Agarwal: নাগপুৰৰ আদালতে ডি আৰ ডি অ’ৰ বিজ্ঞানী তথা ব্ৰহ্মস এৰ’স্পেচ প্ৰাইভেট লিমিটেডৰ প্ৰাক্তন অভিযন্তা নিশান্ত আগৰৱালাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । ২০১৮ চনৰ ৮ অক্টোবৰত পাকিস্তানৰ আই এছ আইৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল নিশান্ত ।

Ex-Brahmos Engineer Nishant Agarwal
EX BRAHMOS ENGINEER LIFE SENTENCE (IANS)

নিউজ ডেস্ক, ৩ জুন: পাকিস্তানৰ আই এছ আইৰ হৈ চোৰাংচোৱাগিৰিত জড়িত থকাৰ অভিযোগত ২০১৮ চনৰ অক্টোবৰ মাহত গ্ৰেপ্তাৰ হোৱা ডি আৰ ডি অ’ৰ বিজ্ঞানী তথা ব্ৰহ্মসৰ প্ৰাক্তন এৰ’স্পেচ অভিযন্তা নিশান্ত আগৰৱালাক যাৱজ্জীৱন কাৰাদণ্ড ৷ সোমবাৰে নাগপুৰৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে অভিযন্তাগৰাকীক ।

অভিযোগ অনুসৰি পাকিস্তানী এজেণ্টৰ দ্বাৰা হনীট্ৰেপিঙৰ চিকাৰ হৈ নিশান্তে ব্ৰহ্মস ক্ষেপণাস্ত্ৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিছিল । ইয়াৰ পিচত নিশান্ত আগৰৱালাৰ বিচাৰ নাগপুৰৰ বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছিল ।

লগতে পঢ়ক: ISRO ৰ আন এক কৃতিত্ব; সফলতাৰে সম্পন্ন PS4 ইঞ্জিনৰ কাম - PS4 engine

চৰকাৰী গোপনীয়তা আইনৰ ৩ আৰু ৫ নং ধাৰাত অভিযুক্ত নিশান্ত আগৰৱালাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় । ২০১৮ চনৰ ৮ অক্টোবৰত উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ এ টি এছে যৌথভাৱে নাগপুৰৰ উজ্জ্বল নগৰ অঞ্চলত ভাড়াঘৰত থকা নিশান্ত আগৰৱালাৰ ঘৰত অভিযান চলাই নিশান্তক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচত নিশান্ত আগৰৱালাই চৰকাৰী গোপনীয়তা আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হয় ।

নিশান্ত আগৰৱালা ব্ৰহ্মস ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ লগত জড়িত কোম্পানী ব্ৰহ্মস এৰ’স্পেচ লিমিটেডৰ নাগপুৰ কাৰ্যালয়ত বিজ্ঞানী হিচাপে কৰ্মৰত আছিল । ঘৰৰ কম্পিউটাৰত অফিচৰ কম্পিউটাৰৰ পৰা অতি গোপনীয় তথ্য জমা কৰি ৰাখিছিল নিশান্তই । এ টি এছে সন্দেহ কৰিছিল যে তেওঁ সেই তথ্য শত্ৰু পক্ষক দিছিল । যাৰ বাবে তেওঁক ২০১৮ চনৰ ৮ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তেতিয়াৰে পৰা নাগপুৰৰ বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতত এই গোচৰ চলি আছিল ৷ অৱশেষত এই গোচৰত নিশান্ত আগৰৱালাক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: দিল্লীৰ সুৰা নীতি কেলেংকাৰী: কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি - BRS leader K Kavitha

লগতে পঢ়ক: পুলৱামাত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ - Pulwama encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.