ETV Bharat / bharat

পুলৱামাত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ - Pulwama encounter

author img

By ANI

Published : Jun 3, 2024, 11:35 AM IST

Pulwama encounter : জম্মু-কাশ্মীৰৰ পুলৱামাত সোমবাৰে পুৱাই সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে । বিশেষ খবৰৰ ভিত্তিত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল নিৰাপত্তা বাহিনীয়ে । হতাহতৰ কোনো খবৰ এতিয়ালৈ অহা নাই ।

Pulwama encounter
পুলৱামাত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ (ANI)

নেশ্যনেল ডেস্ক, ৩ জুন : জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ । সোমবাৰে পুৱা পুলৱামা জিলাৰ নিহামা অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছে । এক্সৰ এটা পোষ্টত কাশ্মীৰ জ'ন আৰক্ষীয়ে কয় যে সম্প্ৰতি নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে । দক্ষিণ কাশ্মীৰৰ পুলৱামাত পুৱতি নিশা এই সংঘৰ্ষ আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ সূত্ৰৰ মতে আৰক্ষী আৰু সুৰক্ষা কৰ্মীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে । পুলৱামাৰ নিহামা অঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীসকলৰ সন্ধানত সুৰক্ষা বাহিনীয়ে অভিযান চলাই আছিল । সেই সময়তে পুৱা গুলীবৰ্ষণ আৰম্ভ হয় । অঞ্চলটোত কিমান সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ইয়াৰ পূৰ্বে কুপৱাৰাত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছিল ।

চিনাৰ কৰ্পছে কৈছিল যে 'অপাৰেশ্যন কোট নালা'ৰ অধীনত কাম চলি আছে । নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কুপৱাৰাৰ আওৰাৰ ঘন বনাঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে এক যুটীয়া অনুসন্ধান অভিযান চলাইছিল । তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ, সঁজুলি আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয় । ৬ মে'ত ভাৰতীয় সেনাই কুলগামত 'অপাৰেচন ৰেডৱানী পাইন'ৰ অধীনত ৪ টা সন্ত্ৰাসবাদী নিহত হৈছিল । চিনাৰ কৰ্পছে এই অভিযান সন্দৰ্ভত কৈছিল যে কুলগাম এলেকাত ৬-৭ মে'ৰ মাজনিশা আৰম্ভ হোৱা এক যুটীয়া অভিযান প্ৰায় ৪০ ঘণ্টা ধৰি চলিছিল ।

উল্লেখ্য যে যোৱা দুটা দশকৰ ভিতৰত ২০২৪ চনটো জম্মু আৰু কাশ্মীৰ অঞ্চলটো আটাইতকৈ শান্তিপূৰ্ণ বছৰ হিচাপে পৰিগণিত হৈছে । জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে ১৬ টা সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনাৰ ফলত ২০ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :সাজি-কাচি বহি থাকিল কইনা, বৰযাত্ৰীৰ সলনি আহিল মৃতদেহৰ শাৰী - Horrific Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.