ETV Bharat / bharat

দিল্লীৰ সুৰা নীতি কেলেংকাৰী: কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি - BRS leader K Kavitha

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 3:55 PM IST

BRS leader K Kavitha: দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত কাৰাগাৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক নেতা । সোমবাৰে আদালতে বি আৰ এছ নেত্ৰী কে কবিতাৰ ন্যায়িক জিম্মা পুনৰ বৃদ্ধি কৰে । ৩ জুলাইলৈ বৃদ্ধি ন্যায়িক জিম্মা ।

BRS leader K Kavitha
দিল্লীৰ সুৰা নীতি কেলেংকাৰী; কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি (ETV Bharat)

নেশ্যনেল ডেস্ক,৩ জুন : দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাৎ গোচৰৰ অভিযুক্ত বি আৰ এছ নেত্ৰী কে কবিতাৰ ন্যায়িক জিম্মা ৩ জুলাইলৈ বৃদ্ধি কৰে । সোমবাৰে কবিতাৰ ন্যায়িক জিম্মা সমাপ্ত হয় । ইয়াৰ পিচতে তেওঁক আদালতত হাজিৰ কৰোৱা হয় । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি কৰে ।

ইয়াৰ পূৰ্বে ২৯ মে'ত আদালতে কে কবিতাৰ বিৰুদ্ধে দাখিল কৰা ই ডিৰ অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । আদালতে কে কবিতাৰ বিৰুদ্ধে প্ৰডাকচন ৱাৰেণ্ট জাৰি কৰিছিল আৰু তেওঁক সোমবাৰে আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিছিল । কবিতাৰ উপৰিও আদালতে চানপ্ৰীত সিং, দামোদৰ শৰ্মা, ৰাজকুমাৰ আৰু অৰবিন্দ সিঙকো চমন জাৰি কৰিছে । তেওঁলোকৰ সকলোকে ই ডিয়ে ষষ্ঠ পৰিপূৰক অভিযোগনামাত অভিযুক্ত হিচাপে নামাকৰণ কৰিছিল ।

১০ মে'ত ই ডিয়ে ষষ্ঠ পৰিপূৰক অভিযোগনামা দাখিল কৰে । আদালতে ষষ্ঠ পৰিপূৰক অভিযোগনামাৰ ওপৰত গুৰুত্ব দিয়াৰ বিষয়ত ২১ মে'ত ৰায় সংৰক্ষিত ৰাখিছিল । ই ডিয়ে ১৭ মে'ত সপ্তম পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল । য'ত আম আদমি পাৰ্টী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অভিযুক্ত কৰা হৈছে ।

এতিয়ালৈকে, গোচৰটোত ১৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া, আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিং, বি আৰ এছ নেতা কে কবিতা । অৰবিন্দ কেজৰিৱালে অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিচত ২ জুনত আত্মসমৰ্পণ কৰিছে । সঞ্জয় সিঙক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে ।

২১ মাৰ্চৰ সন্ধিয়া অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল । ই ডিয়ে ৪ অক্টোবৰত সঞ্জয় সিঙক তেওঁৰ চৰকাৰী বাসভৱনত সোধা-পোছা কৰাৰ পিচত গ্ৰেপ্তাৰ কৰিছিল । ই ডিয়ে সোধা-পোছাৰ পিচত ২০২৩ চনৰ ৯ মাৰ্চত তিহাৰ কাৰাগাৰৰ পৰা এই গোচৰটোত মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল । চিছোদিয়াক পূৰ্বে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :মাফিয়া আতিক আহমেদৰ কোটিটকীয়া 2 টা ফ্লেট জব্দ প্ৰয়াগৰাজ আৰক্ষীৰ - Mafia Atiq Ahmed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.