ETV Bharat / sports

নৰৱে দবাৰ ষষ্ঠদশ ৰাউণ্ডত পৰাস্ত প্ৰজ্ঞানন্দ-বৈশালী - Norway Chess 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:12 PM IST

Norway Chess 2024 : আৰ প্ৰজ্ঞানন্দ আৰু আৰ বৈশালীৰ ভাতৃ-ভগ্নী ভাৰতীয় যুটিটোৱে নিজ নিজ খেলত পৰাজয়ৰ সন্মুখীন হ'বলগা হৈছে । আনহাতে, মেগনাছ কাৰ্লছেনে বিশ্ব চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰি নৰৱেৰ ষ্টাভেঞ্জাৰত অনুষ্ঠিত নৰৱে দবা টুৰ্ণামেণ্টত ১২ পইণ্টৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ।

Norway Chess 2024
নৰৱে দবাত পৰাস্ত প্ৰজ্ঞানন্দ (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৩ জুন : গ্ৰেণ্ড মাষ্টাৰ আৰ প্ৰজ্ঞানন্দ আৰু গ্ৰেণ্ড মাষ্টাৰ আৰ বৈশালীৰ ভাতৃ-ভগ্নী ভাৰতীয় যুটিটোৱে নৰৱে দবাৰ তেওঁলোকৰ নিজ নিজ শাখাত পৰাজয়ৰ সন্মুখীন হৈছে । আনহাতে, গ্ৰেণ্ড মাষ্টাৰ মেগনাছ কাৰ্লছেনে গ্ৰেণ্ড মাষ্টাৰ ডিং লিৰেনৰ বিৰুদ্ধে জয়লাভ কৰিছে । ইয়াৰ জৰিয়তে তেওঁ নৰৱে দবা টুৰ্ণামেণ্টত এককভাৱে অগ্ৰগতি লাভ কৰে ।

গ্ৰেণ্ড মাষ্টাৰ ফাবিয়ানো কাৰুয়ানাই নিজ দেশৰে গ্ৰেণ্ড মাষ্টাৰ হিকাৰু নাকামুৰাক পৰাস্ত কৰে । ইয়াৰ জৰিয়তে কাৰ্লছেনক ১,৬১,০০০ আমেৰিকান ডলাৰ মুঠ পুৰস্কাৰৰ বাবে যুঁজ দিয়া ছয় খেলুৱৈৰ ডাবল ৰাউণ্ড-ৰবীন প্ৰতিযোগিতাত মুকুট অৰ্জনৰ অগ্ৰগতি লাভত সহায় কৰে ।

প্ৰজ্ঞানন্দই নিজৰ ধ্ৰুপদী খেলৰ জৰিয়তে প্ৰত্যাহ্বান আগবঢ়ালেও আৰ্মাগেডন টাইব্ৰেকাৰত ফ্ৰান্সৰ গ্ৰেণ্ড মাষ্টাৰ ফিৰৌজজা আলিৰেজাৰ হাতত পৰাস্ত হয় । আনহাতে, বৈশালীয়ে বিশ্ব মহিলা চেম্পিয়ন চীনৰ ৱেনজুন জুৰ হাতত পৰাস্ত হয় । তেওঁ এণ্ডগেমত ভাৰতীয় গ্ৰেণ্ড মাষ্টাৰগৰাকীক পৰাস্ত কৰে ।

দুয়োটা শাখাতে এতিয়াও চাৰিটা ৰাউণ্ড বাকী থকা অৱস্থাত কাৰ্লছেনৰ পিচত এতিয়া 11 পইণ্টেৰে নাকামুৰা আছে । আনহাতে, প্ৰজ্ঞানন্দ এতিয়াও 9.5 পইণ্টেৰে তৃতীয় স্থানত আছে । আলিৰেজা আঠ পইণ্টেৰে চতুৰ্থ স্থানত আছে আৰু পৰৱৰ্তী স্থানত ৬.৫ পইণ্টেৰে আছে কাৰুয়ানা । উল্লেখ্য যে চীনৰ ডিং লিৰেনে এতিয়ালৈকে মাত্ৰ 2.5 পইণ্ট অৰ্জন কৰিছে । তেনে ক্ষেত্ৰত তেওঁ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত । কিন্তু প্ৰতিযোগিতাখনলৈ উভতি আহিবলৈ হ'লে তেওঁক এক অলৌকিক ঘটনাৰ প্ৰয়োজন হ'ব ।

ইফালে বৰ্তমান ৰাজত্ব কৰি থকা বিশ্ব চেম্পিয়ন লিৰেনে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে । কিয়নো তেওঁ কাৰ্লছেনৰ বিৰুদ্ধে সমান স্থিতিত এটা মেট-ইন-টু কৌশল ভুল কৰে । এইটো হৈছে ডিঙৰ একেৰাহে চতুৰ্থটো পৰাজয় । আনহাতে, এই জয়ৰ সৈতে কাৰ্লছেনে লিডাৰবোৰ্ডত নাকামুৰাক অতিক্ৰম কৰিছে আৰু প্ৰতিযোগিতাখনৰ অন্তিম সপ্তাহত প্ৰৱেশৰ সময়ত তেওঁ শীৰ্ষস্থান দখল কৰিছে ।

লগতে পঢ়ক :আৰ প্ৰজ্ঞানন্দৰ বৃহৎ কৃতিত্ব: বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈক পৰাস্ত - Norway Chess

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.