অভূতপূৰ্ব ব্যৱধানত ডিব্ৰুগড়ত বিৰোধী শক্তিয়ে জয়লাভ কৰিবলৈ সক্ষম হ’ব : লুৰীণজ্যোতি গগৈ - LOK SABHA ELECTION RESULTS 2024
LS Election Exit Poll : ডিব্ৰুগড়ত বিৰোধী শক্তিয়ে জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ এগজিট প’লে সদায় শুদ্ধ ফলাফল প্ৰতিফলিত নকৰে বুলিও কয় তেওঁ ৷

Published : June 3, 2024 at 10:07 PM IST
তিনিচুকীয়া, 3 জুন : "ডিব্ৰুগড়ত ইতিহাস হ’ব, আমাৰ জয় হোৱাটো নিশ্চিত ৷ অভূতপূৰ্ব ব্যৱধানত ডিব্ৰুগড়ত বিৰোধী শক্তিয়ে জয়লাভ কৰিবলৈ সক্ষম হ’ব ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ৷ সোমবাৰে তিনিচুকীয়াৰ মাকুমত উপস্থিত হৈ লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে অজাপৰ সভাপতিজনে ৷
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৷ কাইলৈ অৰ্থাৎ 4 জুনৰ পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব লগা ভোটগণনাৰ বাবে দেশবাসীয়ে আশাৰে বাট চাই আছে ৷ ইতিমধ্যে বহু প্ৰতিষ্ঠানে নিৰ্বাচনৰ এগজিট প’ল প্ৰকাশ কৰিছে ৷ এগজিট প’লক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ তাৰ মাজতে আজি মাকুমত সংবাদ মাধ্যমত প্ৰকাশ পোৱা এগজিট প’ল সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷
লগতে পঢ়ক : বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰেহে দিছে Exit Poll : লুৰীণজ্যোতি গগৈ - Lok Sabha Election 2024 Exit Poll
এগজিট প’লে সদায় শুদ্ধ ফলাফল প্ৰতিফলিত নকৰে বুলি মন্তব্য প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷ ইতিমধ্যে বিগত দিনত বহু কেইখন ৰাজ্যত এগজিট প’লৰ ওলোটা ফলাফল প্ৰতিফলন কৰাৰ উদাহৰণ আছে বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ ফলাফলৰ ক্ষেত্ৰত সকলোবোৰ শুদ্ধভাৱে বিশ্লেষণ কৰি যাতে প্ৰকৃত শুদ্ধ তথ্য আহে তাৰ কাৰণে সকলোকে শেষলৈকে যুঁজিবলৈ আহ্বান জনায় তেওঁ ৷ লগতে বিভিন্ন জাতি-ধৰ্ম নিৰ্বিশেষে ৰাইজে এইবাৰ অসম জাতীয় পৰিষদ দলক, বিৰোধী ঐক্যমঞ্চক ভোট দিছে গতিকে এইবাৰ জিকাটো এশ শতাংশ নিশ্চিত বুলি আশা প্ৰকাশ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷
লগতে পঢ়ক : আসন্ন ফলাফলক লৈ আত্মবিশ্বাসী ভূপেন বৰা - Lok Sabha Election 2024

