ETV Bharat / politics

বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰেহে দিছে Exit Poll : লুৰীণজ্যোতি গগৈ - Lok sabha election 2024 Exit poll

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:22 AM IST

Lok Sabha Election 2024 Exit poll : ডিব্ৰুগড়ত নিশা একত্ৰিত হ'ল লুৰীণজ্যোতি গগৈ, ভূপেন বৰা আৰু অখিল গগৈ ৷ যোৰহাট, ডিব্ৰুগড়ত ফলাফল ভাল হ'ব বুলি দাবী ভূপেন বৰাৰ ৷ Exit Poll ক কঠোৰ ভাষাৰে সমালোচনা বিৰোধী ঐক্য মঞ্চৰ ৷

assam INDIA Block confident of much better returns for party than projected in exit polls
ডিব্ৰুগড়ত নিশা লুৰীণজ্যোতি গগৈ, ভূপেন বৰা আৰু অখিল গগৈ (Etv bharat assam)

মৰাণ, 3 জুন : 4 জুনত ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । ফলাফলৰ দিন চমু চপাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে হিচাপ-নিকাচ । ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত 12 টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিম বুলি দৃঢ়তাৰে কৈ থকা সময়ত বিৰোধী কংগ্ৰেছে পূৰ্বতকৈ অধিক আসন আৰু প্ৰতিটো সমষ্টিত ভোট বৃদ্ধি হ'ব বুলি দাবী কৰিছে ।

ইফালে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাচতে বিভিন্ন সংস্থাই চলোৱা বিভিন্ন সমীক্ষাৰ পাছতে প্ৰকাশ পাইছে ‘‘Exit Poll’’ । ‘‘Exit Poll’’ অনুসৰি দেশৰ পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী । ঠিক তেনেদৰে অসমতো বিজেপি মিত্ৰজোঁটে ভাল ফলাফল দেখুৱাব বুলি Exit Poll ত উল্লেখ কৰা হৈছে ।

কিন্তু Exit Poll ৰ কোনো তথ্য মানি ল'ব বিচৰা নাই কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে । কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ নেতাসকল আত্মবিশ্বাসী যে ডিব্ৰুগড়, যোৰহাট লোকসভা সমষ্টিত বিজেপি পৰাজিত হ'ব । দেওবাৰৰ নিশা ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ গৃহত এক আলোচনাত মিলিত হৈ এই আশাব্যঞ্জক বক্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

ডিব্ৰুগড়ত তিনিটা দলৰ তিনিওজন সভাপতি মিলিত হৈ আগন্তুক সময়ত বিৰোধী ঐক্য মঞ্চৰ ঐক্যৱদ্ধ কাম-কাজ সম্পৰ্কতো আলোচনা কৰে বুলি সংবাদ মাধ্যমৰ আগত জনায় । এই অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, "ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈ আৰু যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে জয়লাভ কৰিব । লগতে কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বিৰোধী ঐক্যমঞ্চৰ সৈতে থাকিব ।"

একেদৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰি কয়, "প্ৰকাশ হোৱা Exit Poll স্বীকাৰ কৰিব নিবিচাৰো । অখিল গগৈৰ দাবী 6 টা লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ধুবুৰী, নগাঁও, যোৰহাট, ডিব্ৰুগড়, কৰিমগঞ্জ আৰু গুৱাহাটীতো জয় লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বিৰোধী ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ । ৰাইজৰ মনত এক বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে চেষ্টা কৰা হৈছে ।"

আনহাতে লুৰীণজ্যোতি গগৈয়ে কয়, বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰেহে দিছে ‘‘Exit Poll’’ । ‘‘Exit Poll’’ ক লৈ আমি চিন্তিত নহয় । ডিব্ৰুগড়ত ভালদৰে জয় লাভ কৰিম, 4 তাৰিখে ভাল ফলাফল আহিব । Exit Poll ৰ বাবে হতাশ নহ’ব ।"

লগতে পঢ়ক: 2 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব সৰ্বানন্দ সোণোৱাল: চক্ৰধৰ গগৈ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.