ETV Bharat / politics

2 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব সৰ্বানন্দ সোণোৱাল: চক্ৰধৰ গগৈ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 9:03 PM IST

MLA Chakradhar Gogoi on exit poll : এতিয়া মাথো সকলোতে চলিছে ভোটগণনাৰ বাবে জল্পনা-কল্পনা ৷ মুঠতে সকলোৰে দৃষ্টি আৱদ্ধ হৈ আছে 4 জুনৰ দিনটোত ৷ এগজিট প’লৰ সকলো তথ্য সঁ‌চা হ'ব বুলি দাবী বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈৰ ৷

LOK SABHA ELECTION 2024
এগজিট প’লৰ সমীক্ষা সঁচা হোৱাৰ দাবী মৰাণৰ বিধায়কৰ (Etv Bharat Assam)

মৰাণ, 2 জুন: 4 জুনত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ য’ত এতিয়া দৃষ্টি নিৱদ্ধ সমগ্ৰ দেশৰে ৷ ফলাফলৰ দিন চমু চপাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে হিচাপ-নিকাচ । ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰৰ 12 টা সমষ্টিতে বিজেপিয়ে জয় লাভ কৰিব বুলি দৃঢ়তাৰে দাবী কৰি আহিছে ৷ একে সময়তে বিৰোধী দল কংগ্ৰেছে পূৰ্বতকৈ অধিক আসন আৰু প্ৰতিটো সমষ্টিত ভোট বৃদ্ধি হ'ব বুলি দাবী কৰা দেখা গৈছে ।

4 জুনত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগণনা (Etv Bharat Assam)

ইতিমধ্যে প্ৰকাশ হৈছে এগজিট প’ল ৷ শনিবাৰৰ দিনটোত প্ৰকাশ পোৱা এগজিট প’লৰ সকলো তথ্যই সঁ‌চা হ'ব বুলি দাবী কৰিছে বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে । বিধায়কগৰাকীয়ে এই সন্দৰ্ভত কয় যে, মোদী প’ল বা ৰাহুল প’ল বুলি আচলতে কোনো কথা নাই । পূৰ্বেও সংবাদ মাধ্যমে এগজিট প’ল প্ৰকাশ কৰিছিল । যি প্ৰায় সঁ‌চা বুলি প্ৰমাণিত হৈছে ।

লগতে পঢ়ক: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মুখত কিয় "ময়ে ময়ে" গীতৰ প্ৰসংগ - Lok Sabha Election 2024

গতিকে এগজিট প’লৰ সমীক্ষাৰ পৰা এইটো ক’ব পৰা যায় যে, ডিব্ৰুগড়ৰ পৰা প্ৰায় দুই লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰিব সৰ্বানন্দ সোণোৱালে ৷ এই দাবী কৰিছে মৰাণৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে ।

তাৎপৰ্যপূৰ্ণভাৱে, ভাৰতীয় সংবাদ মাধ্যমে এগজিট প’লত বিজেপি দলকে অধিক আসন দিছে ৷ সেইদৰে অসমতো বিজেপিক দিয়া হৈছে 12 খন আসন ৷ ইয়াৰ পৰা স্পষ্ট হৈছে যে, অসমত ভূৱা জাতীয়তাবাদৰ কাম নাই । এই মন্তব্য কৰে মৰাণৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: ৪৬ খন আসন লাভেৰে অৰুণাচলত পুনৰ মচনদ দখল বিজেপিৰ; কংগ্ৰেছে পালে মাত্ৰ ১ খন আসন - Arunachal Assembly Election Results

উল্লেখ্য যে, দেওবাৰে মৰাণৰ কোটোহাত মণিকান্ত ফাউণ্ডেচনৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । দুই নং নাওজান ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকি বিধায়কগৰাকীয়ে এগজিট প’ল সন্দৰ্ভত এনেদৰে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ভোটগণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন, তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.