ETV Bharat / politics

৪৬ খন আসন লাভেৰে অৰুণাচলত পুনৰ মচনদ দখল বিজেপিৰ; কংগ্ৰেছে পালে মাত্ৰ ১ খন আসন - Arunachal Assembly Election results

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 5:35 PM IST

Updated : Jun 2, 2024, 5:42 PM IST

Arunachal Election results 2024: অৰুণাচল বিধানসভা নিৰ্বাচনৰ ফলাফলত বৃহৎ জয় বিজেপিৰ ৷ ৬০ খন আসনৰ ভিতৰত ৪৬ খন আসন দখলেৰে চৰকাৰ গঠনৰ দিশত গেৰুৱা দলটো ৷ এখন আসনতে সীমাবদ্ধ কংগ্ৰেছ ৷

Arunachal Assembly Election 2024
Arunachal Assembly Election results (ETV Bharat Assam)

তেজপুৰ, ২ জুন: ৬০ খন আসনৰ ভিতৰত ৪৬ খন বিধানসভাৰ আসন লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশত ক্ষমতালৈ আহিছে বিজেপি । নেশ্যনেল পিপলছ পাৰ্টি বা এন পি পিয়ে ৫খন আসন লাভ কৰাৰ বিপৰীতে অৰুণাচলৰ পিপলছ পাৰ্টিয়ে দুখন আসন লাভ কৰে আৰু এন চি পিয়ে ৩খন আসন লাভ কৰে । কংগ্ৰেছে মাত্ৰ এখন আসন লাভ কৰিছে পাহাৰীয়া ৰাজ্যখনত ৷ ইফালে তিনিটা বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হৈছে ৷

Arunachal Assembly Election 2024
অৰুণাচলত বিজেপিৰ বৃহৎ জয় (BJP Social media site)

৫০ টা সমষ্টিত ভোটগ্ৰহণ: যদিও ৰাজ্যখনৰ বিধানসভাত ৬০ জন সদস্য আছে, তথাপিও মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ ১০ জন প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰাত, বাকী ৫০ টা সমষ্টিত ভোটগ্ৰহণ হৈছিল । ৰাজ্যৰ ৫০ খন বিধানসভা আসনৰ নিৰ্বাচনত ১৩৩ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা ৷ ভোট গণনা কৰা হয় প্ৰায় ২৪ টা কেন্দ্ৰত ।

লগতে পঢ়ক: পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচলত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব ! - ARUNACHAL ASSEMBLY POLL 2024

উৎফুল্লিত পেমা খাণ্ডু: বিজেপিৰ জয়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, "অৰুণাচল প্ৰদেশৰ বাবে বিশেষভাৱে বিজেপিৰ বাবে এইটো এটা ঐতিহাসিক দিন । এই বিধানসভা নিৰ্বাচনত দলটোৱে নতুন অভিলেখ গঢ়িলে ৷ ২০১৯ চনতো আমি জয়ী হৈছিলো, ৪১খন আসন লাভ কৰিছিলোঁ আৰু ২০২৪ চনত আমি ৪৬ খন আসন লাভ কৰিলোঁ ৷ ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনা হ’ব । ইয়াৰ পিছত সকলো বিজয়ী প্ৰাৰ্থী ইটানগৰত উপস্থিত হ’ব । দিল্লীৰ পৰাও জ্যেষ্ঠ নেতা আহিব পাৰে । দলৰ আনুষ্ঠানিকতাৰ পিচত আমি নতুন চৰকাৰ গঠনৰ দাবী কৰিম । আমি নিশ্চিত যে ৰাজ্যৰ লোকসভাৰ দুয়োখন আসনতে আমি জয়ী হ’ম ।”

লগতে পঢ়ক: পুনৰ বিজেপিৰ দখলত অৰুণাচলৰ ৰাজপাট, ছিকিমত চলিব ক্ৰান্তিকাৰি মৰ্চাৰ শাসন - Assembly Election Results 2024

বিজেপি কৰ্মকৰ্তাক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ: অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত দলটোৱে বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে । ‘‘নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে ব্যতিক্ৰমী @BJP4Arunachal কৰ্মকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ ল’ব বিচাৰিছো । তেওঁলোকে ৰাজ্যজুৰি যিদৰে গৈ জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰিলে সেয়া প্ৰশংসনীয় ।’’-এক্সত এইদৰে উল্লেখ প্ৰধানমন্ত্ৰীৰ ৷

ধন্যবাদ অৰুণাচল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ বিজয়ৰ বাবে অৰুণাচল প্ৰদেশৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । “ধন্যবাদ অৰুণাচল প্ৰদেশ! এই বিস্ময়কৰ ৰাজ্যখনৰ জনসাধাৰণে উন্নয়নৰ ৰাজনীতিক বিনা দ্বিধাই জনাদেশ দিছে । @BJP4Arunachal ৰ ওপৰত তেওঁলোকৰ বিশ্বাস আকৌ এবাৰ প্ৰমাণ কৰাৰ বাবে তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা । আমাৰ দলে ৰাজ্যখনৰ বিকাশৰ বাবে আৰু অধিক দৃঢ়তাৰে কাম কৰি যাব ’’ অৰুণাচলৰ জনসাধাৰণক উদ্দেশ্যি মোদীয়ে এক্সত এইদৰে পোষ্ট কৰে ৷

লগতে পঢ়ক: বিধানসভা নিৰ্বাচন 2024 : চলি আছে অৰুণাচল প্ৰদেশ, ছিকিমৰ ভোট গণনা - Assembly Election Results 2024

আপোনাৰ বাবেই এয়া সম্ভৱ: ইয়াৰ উত্তৰত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই কয়, “আপোনাৰ পথ প্ৰদৰ্শন আৰু দৃষ্টিভংগীয়ে আমাৰ সফলতাত কীৰ্তিচিহ্নস্বৰূপে ভূমিকা পালন কৰিছে ৷ আমি দুগুণ উৎসাহেৰে সবকা সাথ, সবকা বিকাশৰ বাবে কাম কৰি যাম ।”

বিকশিত ভাৰতৰ বাবে এই বিজয়: অৰুণাচল বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ৰ কিছু সময়ৰ পাচতে দলৰ নেতা সম্বিত পাত্ৰই ‘বিকশিত ভাৰত’ৰ বাবে “জয়” বুলি অভিহিত কৰে । “এই গুৰুত্বপূৰ্ণ বিজয় অৰুণাচল প্ৰদেশৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi জীৰ নেতৃত্ব আৰু ‘বিকশিত অৰুণাচল’ৰ দৃষ্টিভংগীৰ ওপৰত বিশ্বাস পুনৰ ঘূৰাই অনাৰ প্ৰমাণ । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী @JPNadda জীৰ নিৰ্দেশনাত বিজেপিৰ কাৰ্যকৰ্তা, মুখ্যমন্ত্ৰী শ্ৰী @PemaKhandu জী, আৰু বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী @BiyuramWahgeBJP জীলৈ অভিনন্দন, যিসকলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী @JPNadda জীৰ নিৰ্দেশনাত অক্লান্তভাৱে এই বিজয় সুনিশ্চিত কৰাৰ বাবে কাম কৰি আহিছে ।”

লগতে পঢ়ক: এগজিট প’লে যিয়েই নকওক ফলাফল ভাল হ’ব বুলি আশাবাদী ভূপেন বৰা - Lok Sabha Election 2024 results

Last Updated : Jun 2, 2024, 5:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.