ETV Bharat / state

APSC Scam: ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল বৃদ্ধি

author img

By

Published : Dec 6, 2022, 9:23 PM IST

অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে ২০ মে'ত অৰ্পণ কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক (APSC Appointment scam) । ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও পুনৰ ছমাহৰ বাবে আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হয় ।

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

গুৱাহাটী,৬ ডিচেম্বৰ: অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কার্যকাল ৬ মাহলৈ বৃদ্ধি কৰিছে (Justice B K Sarma Commission) । উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ অধীনত ২০১৪ চনত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ ভিত্তিত বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ চলিত বৰ্ষৰ ২০ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল ।

২০ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আয়োগৰ কাৰ্যকাল পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হৈছে । আয়োগে ৬ মাহ সম্পূর্ণ হোৱাৰ আগতে প্ৰতিবেদন দাখিল কৰিলে নাইবা প্ৰতিবেদন দাখিলৰ দিনা এই আয়োগৰ কাৰ্যকাল অন্ত পৰিব । উল্লেখ্য যে অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে ২০ মে'ত অৰ্পণ কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক ।

ছমাহৰ ভিতৰত অৰ্থাৎ ২০ নৱেম্বৰত আয়োগে প্ৰতিবেদন দাখিলৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও পুনৰ ছমাহৰ বাবে আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হয় । উল্লেখ্য যে অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ আৰু ২০১৪ বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত ৯৩৬/২০১৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল ।

ইয়াৰে ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পূৰ্বতে ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল । আয়োগে ইতিমধ্যে সেই কেলেংকাৰীৰ তদন্ত কৰি চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিছে (Justice B K Sarama Commission Report) ৷ আনহাতে ২০১৪ ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব পূৰ্বতে ন্যায়াধীশ শৰ্মা আয়োগক অৰ্পণ কৰা হোৱা নাছিল ।

যাৰ ফলস্বৰূপে ডিব্ৰুগড় থানাত একেটা গোচৰতে (936/2016) দুয়োটা বৰ্ষৰ কেলেংকাৰী সংযুক্ত হৈ থকা স্বত্বেও ন্যায়াধীশ শৰ্মা আয়োগে ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু চলিত বৰ্ষৰ মে' মাহত ২০১৪ বৰ্ষৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছিল । ছমাহৰ ভিতৰত আয়োগে প্ৰতিবেদন দাখিলৰ কথা আছিল যদিও অৱশেষত আয়োগৰ কাৰ্যকাল আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হয় । উল্লেখ যে ২০১৪ ৰ নিযুক্তি কেলেংকাৰীত পূৰ্বতেই ২১ জনক দোষী সাব্যস্ত কৰা হৈছিল ।

লগতে পঢ়ক: Literary pension 2022: ২৩ গৰাকী সাহিত্যিকলৈ চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.