ETV Bharat / sports

Morocco advance at World Cup: স্পেইনক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

author img

By

Published : Dec 7, 2022, 6:45 AM IST

পেনাল্টি শ্বুট আউটত স্পেইনক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ মৰক্কোৰ (Morocco beats Spain on penalties) ৷ মৰক্কোৱে কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ বিৰুদ্ধে খেলিব (Qatar World Cup matches) ।

Morocco advance at World Cup
Morocco advance at World Cup

নিউজ ডেস্ক, 7 ডিচেম্বৰ: মঙলবাৰে পেনাল্টি শ্বুট আউটত স্পেইনক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমখন আৰব ৰাষ্ট্ৰ আৰু মাত্ৰ চতুৰ্থ আফ্ৰিকান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয় মৰক্কো (Morocco vs Spain updates) । মাদ্ৰিদত জন্মগ্ৰহণ কৰা আৰু পূৰ্বে ৰিয়েল মাদ্রিদৰ হৈ খেলা আচৰাফ হাকিমিয়ে শ্বুট আউটত নিৰ্ণায়ক পেনাল্টিক ৰূপান্তৰিত কৰে গ’ললৈ । পূৰ্বৰ প্ৰশিক্ষকৰ সৈতে বিবাদৰ অন্তত ৰাষ্ট্ৰীয় দললৈ উভতি অহা আব্দেল হামিদ ছাবিৰি আৰু হাকিম জিয়েচেও মৰক্কোৰ হৈ গ’ল দিয়ে (FIFA World Cup) ।

স্পেইনৰ হৈ পাবলো চাৰাবিয়া, কাৰ্লোছ ছ’লাৰ আৰু চাৰ্জিঅ’ বুস্কেটছে পেনাল্টিত বিফল হয় ৷ ছাৰাবিয়াৰ শ্বটটোৱে পোষ্টত আঘাত কৰে আৰু মৰক্কোৰ গ’লৰক্ষক ইয়াচিন ব’ন’ৱে বাকী দুজনৰ শ্বট প্ৰতিৰোধ কৰে (Morocco vs Spain match)। ৰেগুলেচন আৰু এক্সট্ৰা টাইমত দলকেইটাই ০-০ গ’লত ড্ৰ’ কৰে । অতিৰিক্ত সময়ৰ অন্তিম মিনিটত ছাৰাবিয়াই মেচখনত প্ৰৱেশ কৰিছিল, আপাত দৃষ্টিত শ্বুটআউটৰ বাবে । তেওঁ নিকো উইলিয়ামছৰ ঠাইত খেলখনৰ আৰম্ভণিতে বিকল্প হিচাপেও কেল পথাৰত নামিছিল ।

Morocco advance at World Cup
স্পেইনক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

স্পেইনৰ গ’লৰক্ষক উনাই ছিমনে মৰক্কোৰ বাদৰ বান’নৰ এটা পেনাল্টি প্ৰতিৰোধ কৰে । ছিমনৰ সমকক্ষ বৌনৌৱে স্পেনিছ ক্লাৱ চেভিলাৰ হৈ খেলে । প্ৰতিযোগিতাখনৰ আটাইতকৈ ডাঙৰ আশ্চৰ্য আছিল মৰক্কোৰ বিজয় (Morocco beats Spain on penalties) ৷ মৰক্কোৱে কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ বিৰুদ্ধে খেলিব (Qatar World Cup matches) ।

ইউৰোপ বা দক্ষিণ আমেৰিকাৰ বাহিৰৰো মৰক্কোৱেই একমাত্ৰ দল যিয়ে অন্তিম আঠটাত স্থান লাভ কৰিছে । ইয়াৰ পূৰ্বে এবাৰ, ১৯৮৬ চনত মেক্সিকোত অনুষ্ঠিত হোৱা বিশ্বকাপত এই দলটোৱে ১৬ ৰাউণ্ডত প্ৰৱেশ কৰিছিল । ২০১৮ চনৰ বিশ্বকাপত পেনাল্টি শ্বুটআউটত আয়োজক ৰাছিয়াই স্পেইনক পৰাস্ত কৰিছিল ৷ যোৱা বছৰৰ ইউৰোপীয় চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ইটালীয়ে পৰাস্ত কৰিছিল স্পেইনক ।

ছিমনে কয়, ‘আমি গ’ল দিব পৰা নাছিলো ৷ গতিকে আমি যিমানেই কওঁ যে আমি সৃষ্টি কৰা সুযোগৰ বাবে আৰু তেওঁলোকৰ এলেকাত অধিক খেলাৰ বাবে আমি জয়ী হোৱাৰ যোগ্য আছিলো, ই খেলখন একো সলনি কৰিব পৰা নাছিল । আমি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছোঁ বুলি মানি লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই।” কোনো বৃহৎ প্ৰতিযোগিতাৰ নক্ আউট ৰাউণ্ডত স্পেইনে ক্ৰমাগত পঞ্চমবাৰৰ বাবে অতিৰিক্ত সময় খেলিছিল । ৰাছিয়াৰ বিৰুদ্ধে আৰু ইউৰো ২০২০ৰ তিনিওখন নক্ আউট খেলতে দলটোৱে ১২০ মিনিট খেলিছিল ।

Morocco advance at World Cup
মৰক্কোৰ বিজয়োল্লাস

মৰক্কো আৰু স্পেইন জটিল ভূ-ৰাজনৈতিক সম্পৰ্কৰ ঘনিষ্ঠ প্ৰতিবেশী দেশ । বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰা আফ্ৰিকাৰ আন তিনিখন দেশ কেমেৰুণ, চেনেগাল আৰু ঘানা ৷ তিনিওখনৰ কোনোৱেই কিন্তু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে । এডুকেচন চিটি ষ্টেডিয়ামত স্পেনিছসকলতকৈ মৰক্কোৰ অনুৰাগীৰ সংখ্যা যথেষ্ট বেছি আছিল কালিৰ খেলত ।

দুয়োটা দলেই বহুকেইটা সুন্দৰ গ’ল দিয়াৰ সুযোগ সৃষ্টি কৰিব পৰা নাছিল । মৰক্কোৱে স্পেইনক দখল নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হোৱাত সন্তুষ্ট যেন লাগিছিল আৰু প্ৰতি আক্ৰমণৰ ভাবুকি দিয়া দেখা গৈছিল । অতিৰিক্ত সময়ত দুয়োটা দলে কেইটামান সুযোগ লাভ কৰিছিল ৷ স্পেইনে গ’ল দিয়াৰ আটাইতকৈ ওচৰ চাপিছিল ছাৰাবিয়াৰ শেষ প্ৰচেষ্টাত যিয়ে গ’ল পোষ্টত খুন্দা মাৰি বিফল হয় । এইবাৰৰ বিশ্বকাপত অতিৰিক্ত সময়লৈ যোৱা দ্বিতীয়খন ১৬ ৰাউণ্ডৰ মেচ আছিল কালিৰ মেচখন । সোমবাৰে পেনাল্টিত জাপানক পৰাস্ত কৰে ক্ৰ’ৱেচিয়াই ।

লগতে পঢ়ক: Brazil beats South Korea: নেইমাৰৰ প্ৰত্যাৱৰ্তন আৰু ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.