ETV Bharat / bharat

National AYUSH Institutions : ১১ ডিচেম্বৰত মুকলি হ’ব তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান

author img

By

Published : Dec 6, 2022, 10:18 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১১ ডিচেম্বৰত তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব (National AYUSH Institutions)। পৰম্পৰাগত চিকিৎসা আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু গৱেষণাৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

National AYUSH Institutions
১১ ডিচেম্বৰত মুকলি হ’ব তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান

নিউজ ডেস্ক, 6 ডিচেম্বৰ : কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে নতুন দিল্লীত ঘোষণা কৰে যে, তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান(National AYUSH Institutions)- গোৱাৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান(All India Institute of Ayurveda), গাজিয়াবাদৰ ৰাষ্ট্ৰীয় ইউনানী ঔষধ প্ৰতিষ্ঠান(National Institute of Unani Medicine) আৰু দিল্লীৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথি প্ৰতিষ্ঠান(National Institute of Homoeopathy) অহা ১১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব ।

এই শাখামূলক প্ৰতিষ্ঠানসমূহে পৰম্পৰাগত চিকিৎসা তথা ঔষধি ক্ষেত্ৰত শিক্ষা, গৱেষণা, স্বাস্থ্যসেৱাৰ উন্নীতকৰণকে ধৰি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক শক্তিশালী কৰিব আৰু জনসাধাৰণৰ বাবে সুলভ আয়ুষ সেৱাৰ সুবিধা প্ৰদান কৰিব । কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union minister Sarbananda Sonowal) মঙলবাৰে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি অহা ৮-১১ ডিচেম্বৰলৈ গোৱাৰ পাঞ্জিমত অনুষ্ঠিত হ'বলগীয়া নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ বিষয়ে সবিশেষ অৱগত কৰে ।

এই অনুষ্ঠানে বিশ্ব পৰ্যায়ত আয়ুষ প্ৰণালীৰ বিজ্ঞানসন্মত গুণাগুণ, আয়ুষ ক্ষেত্ৰত ভাৰতৰ চহকী ঐতিহ্য-পৰম্পৰা, মানৱ জীৱনত ইয়াৰ কাৰ্যকাৰিতা আৰু শক্তি-সম্ভাৱনা আদি প্ৰদৰ্শন কৰিব । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মঙলবাৰে কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাইৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু অন্যান্য বিষয়াসকল উপস্থিত আছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ ডিচেম্বৰত নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু উক্ত প্ৰতিষ্ঠান তিনিখন ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি কয়, "মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সাৰোগত কৰি এই তিনিখন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা আয়ুষ আন্তঃগাঁথনি আৰু মানৱ সম্পদৰ সম্প্ৰসাৰণ, পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত গৱেষণাৰ প্ৰসাৰৰ লক্ষ্যৰে কৰা হৈছে ।

উক্ত প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ভাৰত চৰকাৰে দেশৰ জনসাধাৰণক সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ সামৰ্থ্য অধিক শক্তিশালী কৰিব । আয়ুৰ্বেদ, হোমিঅ'পেথি আৰু ইউনানীত এই তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠানৰ সংযোজনে উচ্চশিক্ষাৰ ক্ষেত্ৰত ৪০০ শিক্ষাৰ্থীৰ বাবে অতিৰিক্ত আসন সৃষ্টি কৰিব আৰু লগতে এই তিনিটা শাখাত ৰোগীৰ বাবে মুঠ ৫৫০ খন অতিৰিক্ত বিচনা যোগ দিব ।"

লগতে পঢ়ক : Himanta Biswa Sarma in Nalbari: নলবাৰীত মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.