Man bite many people: গোলাঘাটৰ মাজ মজিয়াত মানুহ কামোৰা মানুহৰ তাণ্ডৱ

By

Published : Dec 6, 2022, 10:51 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

এজন যুৱকৰ তাণ্ডৱক ৰোধ কৰিবলৈ প্ৰায় তিনি ঘণ্টা জোৰা এক যুঁজ ৷ কুকুৰ বা মেকুৰীৰ কামোৰত নহয়, এইবাৰ এজন যুৱকৰ কামোৰত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয় পালেগৈ গোলাঘাটৰ এজন আৰক্ষী (Man bite many people in Golaghat )। তাৰপাছতেই এক তিনিঘন্টা জোৰা যুঁজ চলিল সাধাৰণ জনতা, আৰক্ষী আৰু আৰক্ষীক কামোৰা যুৱকৰ মাজত ৷ মঙলবাৰে গোলাঘাট নগৰৰ হনুমান মন্দিৰৰ সমীপত আৰক্ষীৰ ৰাইডাৰ পাৰ্টিৰ ইনাম আলীক কামুৰি আঘাতপ্ৰাপ্ত কৰিছিল যুৱকজনে ৷ আৰক্ষীক কামোৰা যুৱকজন গোলাঘাট নগৰত সন্দেহজনকভাৱে ঘূৰি ফুৰাত স্থানীয় ৰাইজৰ কিছু সন্দেহ ওপজাত গোলাঘাট আৰক্ষীক খবৰ দিয়ে (Man bite many people) ৷ সেইমতে প্ৰথমে আৰক্ষীৰ এটা দল উপস্থিত হোৱাত আৰক্ষীৰ এজন জোৱানক কামুৰি আহত কৰে যুৱকজনে আৰু নিজকে এটা পৰিত্যক্ত গৃহত আৱদ্ধ কৰি লয় । ঘটনাস্থলীত গোলাঘাট আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু জোৱান উপস্থিত হৈ বহু প্ৰচেষ্টাৰ ফলত ঘৰটোৰ দৰ্জা ভাঙি লোকজনক উলিয়াই আনে ৷ ওলাই আহোতেই আন এজন যুৱককো কামুৰি আহত কৰে যুৱকজনে ৷ ঘৰটোৰ পৰা ওলাই আহিয়েই যুৱকজনে হাতত এডাল কাঠ লৈ স্থানীয় ৰাইজকো মাৰিবলৈ খেদি যায় ৷ সেই সময়তে স্থানীয় ৰাইজে লোকজনক খেদি খেদি ধৰিবলৈ সক্ষম হয় । শেষত লোকজনক গোলাঘাট আৰক্ষীয়ে নিজৰ জিম্মাত লয় (Golaghat Police arrested man biter)৷ স্থানীয় ৰাইজে উল্লেখ কৰা মতে লোকজন গোলাঘাটৰ কাছমাৰিৰ বিশ্বজিৎ ফুকন ৷ লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ সন্দেহ কৰে স্থানীয় লোকে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.