ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 22, 2021, 1:02 PM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

Jorhat Massiv Fire : নিমিষতে ভস্মীভূত 25 টাকৈ বাসগৃহ

সোমবাৰে পুৱা যোৰহাট নগৰৰ পূব প্ৰান্তৰ আনন্দ নগৰত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড(Jorhat Massiv Fire) ৷ এই অগ্নিকাণ্ডৰ ফলত চাৰিজনকৈ লোক ক্ৰমে ৰামজী ছাহু,অজয় ছাহু, কৃষ্ণ ছাহু, আৰু ৰাজেন্দ্ৰ ছাহুৰ ভাৰাঘৰৰ প্ৰায় 25 টাকৈ গৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় । ৰামজী ছাহুৰ ভাড়া ঘৰৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷

Kaliabhomora Bridge Accident : ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

কলিয়াভোমোৰা দলঙত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা (Kaliabhomora Bridge Accident) ৷ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷

Bogibeel Bridge Tollgate : মুকলিৰ দিশে বগীবিলৰ সমীপৰ টোলগেট

বহু প্ৰতিবাদৰ পিছতো বগীবিল দলঙৰ সমীপৰ টোলগেট (Bogibeel Bridge Tollgate) মুকলিক লৈ বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে টোলগেট নিৰ্মাণৰ কাম ৷

ৰাজ্যত অবাধে চলিছে শিল-বালিৰ অবৈধ ব্যৱসায়; নিৰ্বিকাৰ প্ৰশাসন !

ৰাজহ আদায় নিদিয়াকৈ একাংশ ব্যৱসায়ীয়ে দিনে-নিশাই কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা নাগালেণ্ডলৈ শিল-বালি কঢ়িয়াই আছে । যাৰ ফলত নীতি বৰ্হিঃভূতভাৱে চলি থকা এই ব্যৱসায়ৰ ফলত অসম চৰকাৰে হেৰুৱাইছে এক বুজন পৰিমাণৰ ৰাজহ ৷

Kisan Mahapanchayat : লক্ষ্ণৌত কৃষক মহাপঞ্চায়তত ভিন্ন প্ৰান্তৰ কৃষকৰ অংশগ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি আইন(Farm Laws) বাতিল কৰাৰ কথা ঘোষণা কৰাৰ পাচতে সোমবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ইক' গাৰ্ডেনত আয়োজন কৰা হৈছে কৃষক মহাপঞ্চায়ত(Kisan Mahapanchayat) । কৃষক নেতা ৰাকেশ টিকাইটৰ আহ্বানত কৃষক মহাপঞ্চায়তত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ হাজাৰ হাজাৰ কৃষকে ।

Happy Birthday Kartik Aaryan : কাৰ্তিক অভিনীত 5 টা জনপ্ৰিয় চৰিত্ৰ

আজি বলীউডৰ Handsome Hunk কাৰ্তিক আৰিয়ানৰ জন্মদিন(Kartik Aaryan Birthday) ৷ 2011 চনত বলীউডত অভিনয়ৰ যাত্ৰা আৰম্ভ কৰা অভিনেতা কাৰ্তিকে অভিনয়ৰ লগতে আকৰ্ষণীয় লুকেৰে নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা কাৰ্তিকলৈ থাকিল জন্মদিনৰ শুভেচ্ছা...

IND VS NZ third T20: 3-0 ৰ ব্যৱধানত শৃংখলা জয় ভাৰতৰ

দেওবাৰে তৃতীয়খন T20 ত (IND VS NZ third T20) ভাৰতৰ হাতত পৰাস্ত হয় নিউজিলেণ্ড ৷ এই বিজয়েৰে চিজিৰত 3-0 ত জয়লাভ ভাৰতৰ ৷

পৰ্যটকৰ বাবে মুকলি পানপুৰ সংৰক্ষিত বনাঞ্চল

অসমৰ পৰ্যটন মানচিত্ৰত পানপুৰ ঘাট তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলে স্থান লাভ কৰা পিচতে শেহতীয়াকৈ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পানপুৰঘাট ৷ পানপুৰ বনাঞ্চললৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Akhil met CM : কইনাধৰাত এঘন্টা কি কথা পাতিলে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাই ?

কইনাধৰাৰ চৰকাৰী অতিথিশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা(Himanta Biswa Sarma) আৰু অখিল গগৈ(Akhil Gogoi)ৰ এঘন্টাজোৰা এক আলোচনা ৷ উক্ত আলোচনাত মূলতঃ শিৱসাগৰ সমষ্টি(Sibsagar)ৰ বিভিন্ন সমস্যাই অগ্ৰাধিকাৰ পায় ৷ এই আলোচনাৰ সময়চোৱাত মুখ্যমন্ত্ৰীৰ হাতত 16 দফীয়া এখন স্মাৰকপত্ৰও দাখিল কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ৷

North East Education Conclave : সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ

জি এম চি এচৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলন(North East Education Conclave)ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.