ETV Bharat / sitara

Happy Birthday Kartik Aaryan : কাৰ্তিক অভিনীত 5 টা জনপ্ৰিয় চৰিত্ৰ

author img

By

Published : Nov 22, 2021, 11:37 AM IST

আজি বলীউডৰ Handsome Hunk কাৰ্তিক আৰিয়ানৰ জন্মদিন(Kartik Aaryan Birthday) ৷ 2011 চনত বলীউডত অভিনয়ৰ যাত্ৰা আৰম্ভ কৰা অভিনেতা কাৰ্তিকে অভিনয়ৰ লগতে আকৰ্ষণীয় লুকেৰে নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা কাৰ্তিকলৈ থাকিল জন্মদিনৰ শুভেচ্ছা...

Happy Birthday Kartik Aaryan
কাৰ্তিক আৰিয়ানৰ জন্মদিন

চিটাৰা ডেস্ক, 22 নৱেম্বৰ : আজি 30 বছৰত ভৰি দিলে বলীউডৰ Handsome Hunk কাৰ্তিক আৰিয়ানে(Kartik Aaryan Birthday) ৷ দহ বছৰ পূৰ্বে 21 বছৰ বয়সত ‘Pyaar Ka Punchnama’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ ঘটিছিল কাৰ্তিকৰ ৷ 2011 চনত অভিনয়ৰ যাত্ৰা আৰম্ভ কৰা অভিনেতা কাৰ্তিকে অভিনয়ৰ লগতে আকৰ্ষণীয় লুকেৰে নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কাৰ্তিকৰ দ্বাৰা অভিনীত মুক্তি লাভ কৰিবলগীয়া কেইখনমান ছবি হৈছে- ‘Bhool Bhulaiyaa 2’, ‘Shehzada’, ‘Freddy’, ‘Captain India’ ৷

কাৰ্তিকে অভিনয় কৰা ‘Dhamaka’ ছবিখনে শেহতীয়াকৈ মুক্তি পাইছে অ’টিটি(OTT) প্লেটফ’ৰ্ম নেটফ্লিক্স(Netflix)ত ৷ ওপজা দিনৰ শুভক্ষণত আহক উভতি যাও কাৰ্তিক আৰিয়ানৰ পাঁচটা বিশেষ অভিনয়ৰ চৰিত্ৰৰ মাজলৈ...

Pyaar Ka Punchnama

পৰিচালক লাভ ৰঞ্জনৰ প্ৰথমখন ছবি ‘প্যাৰ কা পঞ্চনামা’ ৰ তিনিটা মুখ্য চৰিত্ৰৰ ভিতৰত অন্যতম আছিল কাৰ্তিকৰ চৰিত্ৰটো । যদিও ছবিখনৰ তিনিওটা চৰিত্ৰই দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷ কিন্তু কাৰ্তিকে বিশেষভাৱে তেওঁৰ কৌতুক আৰু মনোলগৰ জৰিয়তে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল । ছবিখনে বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কাৰ্তিকৰ প্ৰথমখন ছবিয়ে ৷

Love Aaj Kal

ইমতিয়াজ আলীৰ দ্বাৰা পৰিচালিত ‘লাভ আজ কল’(2020) চলচ্চিত্ৰখনত কাৰ্তিকে চাৰা আলী খান, ৰণদ্বীপ হুদা আৰু আৰুষী শৰ্মাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । কাহিনীটো আধুনিক যুগৰ দম্পতীৰ পেছাদাৰী উচ্চাকাংক্ষা আৰু ব্যক্তিগত অনুভৱৰ মাজৰ এক সংঘৰ্ষ । এই ছবিখনত কাৰ্তিকক সম্পূৰ্ণৰূপে এজন Lover Boy ৰ ৰূপত দেখিবলৈ পোৱা গৈছে ৷

Pati Patni Aur Woh

কাৰ্তিকৰ ‘পতি পত্নী ঔৰ ৱোহ’ ছবিখনে বক্স অফিচত 100 কোটিৰ ওচৰা-ওচৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷ এই চলচ্চিত্ৰখন হৈছে 1978 চনৰ একে নামৰ চলচ্চিত্ৰখনৰ ৰিমেক । কাৰ্তিকৰ বিপৰীতে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী ভূমি পেডনেকাৰ আৰু অনন্যা পাণ্ডে ৷ মুদচ্ছৰ আজিজৰ দ্বাৰা পৰিচালিত কমেডী ছবিখনত কাৰ্তিকৰ চৰিত্ৰটোৱে পত্নী থকাৰ পাচতো আন এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখে ৷

Akaash Vaani

2013 চনত মুক্তি লাভ কৰা চলচ্চিত্ৰ ‘আকাশবাণী’ চলচ্চিত্ৰখন যদিও এখন সফল প্ৰাপ্তিৰ ছবি নহয়, কিন্তু ছবিখনৰ কাহিনী আৰু কাৰ্তিকৰ চৰিত্ৰটো আছিল প্ৰশংসনীয় ৷ কাহিনীটো সজ্জিত বিবাহৰ ভাৰতীয় সামাজিক গাঁথনিৰ ওপৰত নিৰ্মিত ।

Luka Chuppi

এই ছবিখনৰ কাহিনীটো এটা দম্পতীৰ ওপৰত আধাৰিত । ছবিখনত কাৰ্তিকৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী কৃতি সেননে ৷ অৱশ্যে ছবিখনে 100 কোটি ৰেকৰ্ড গঢ়াৰ পৰা মাত্ৰ 5 কোটি পিছপৰি ৰ’বলগীয়া হয় ৷

লগতে পঢ়ক : জন্মদিন বিশেষ : কাৰ্তিক আৰ্য়ানৰ নৃত্য শৈলীৰ ওপৰত এক দৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.