ETV Bharat / sports

IND VS NZ third T20: 3-0 ৰ ব্যৱধানত শৃংখলা জয় ভাৰতৰ

author img

By

Published : Nov 22, 2021, 8:56 AM IST

দেওবাৰে তৃতীয়খন T20 ত (IND VS NZ third T20) ভাৰতৰ হাতত পৰাস্ত হয় নিউজিলেণ্ড ৷ এই বিজয়েৰে চিজিৰত 3-0 ত জয়লাভ ভাৰতৰ ৷

IND VS NZ third T20: India beat New Zealand by 73 runs to win series 3-0
IND VS NZ third T20: 73 ৰাণত পৰাস্ত নিউজিলেণ্ড, চিৰিজত 3-0ত বিজয় ভাৰতৰ

স্পৰ্টছ ডেস্ক, 22 নৱেম্বৰ : দেওবাৰে ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ভাৰত বনাম নিউজিলেণ্ডৰ তৃতীয়খন তথা চূড়ান্ত T20 মেচত 73 ৰাণত কিৱি বাহিনীক পৰাস্ত কৰে ভাৰতে ৷ এই বিজয়ৰ লগে লগে ভাৰতে শৃংখলাত 3-0 ত জয়লাভ কৰিছে ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে কানপুৰত Two-match টেষ্ট চিৰিজত মুখামুখি হ’ব দুয়োটা দল ৷

টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি নিউজিলেণ্ডক 185 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ভাৰতে ৷ কিন্তু প্ৰথম পাঁচটা অভাৰতে অক্ষৰ পেটেলৰ হাতত তিনিটা উইকেট হেৰুৱায় ধৰাশায়ী হৈ পৰে নিউজিলেণ্ড ৷ প্ৰথম পাঁচ অভাৰত ডায়ৰল মিটছেল, মাৰ্ক চেম্পমেন, গ্লেন ফিলিপছক হেৰুৱাই দলটোৱে 30 ৰাণ সংগ্ৰহ কৰে ৷

নিউজিলেণ্ডৰ হৈ মাৰ্টিন গুপটিলে দশম অভাৰত অৰ্ধ শতক অৰ্জন কৰে যদিও তেতিয়ালৈ কিৱি বাহিনীয়ে 60 বলত 117 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ বাকী আছিল ৷ য়ুজবেন্দৰ চাহালে গুপটিলক আউট কৰাৰ পিছত দলটোৱে 4 টা উইকেট হেৰুৱাই 69 ৰাণ সংগ্ৰহ কৰে ৷

আনহাতে, ভাৰতৰ হৈ ৰোহিত শৰ্মাই 56 ৰাণ সংগ্ৰহ কৰে ৷ প্ৰথম 6 টা অভাৰত ৰোহিত শৰ্মা আৰু ইশান কিষনৰ যুটিয়ে 69 ৰাণ সংগ্ৰহ কৰে ৷ নিউজিলেণ্ডৰ বলাৰ মিটছেল ট্ৰেন্টনাৰে কিষাণ, সূৰ্যকুমাৰ যাদৱ আৰু ঋষভ পন্তৰ উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷ 11 নম্বৰ অভাৰত ৰোহিত শৰ্মাক পেভিলিয়নলৈ পঠিয়ায় ইশ ষোধীয়ে ৷

ব্ৰীফ স্কোৰ :

ভাৰত : 184/7 (ৰোহিত শৰ্মা 56, ইশান কিষন 29; মিটছেল চান্টনাৰ 3-27)

নিউজিলেণ্ড : 111 অল আউট (মাৰ্টিন গুপটিল 51, টিম ছেইফাৰ্ট 17; অক্ষৰ পেটেল 3-9)

লগতে পঢ়ক : ISL 2021-22: জামছেদপুৰ এফ চিৰ মুখামুখি এছ চি ইষ্ট বেংগল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.