ETV Bharat / city

পৰ্যটকৰ বাবে মুকলি পানপুৰ সংৰক্ষিত বনাঞ্চল

author img

By

Published : Nov 21, 2021, 10:39 PM IST

অসমৰ পৰ্যটন মানচিত্ৰত পানপুৰ ঘাট তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলে স্থান লাভ কৰা পিচতে শেহতীয়াকৈ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পানপুৰঘাট ৷ পানপুৰ বনাঞ্চললৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

new-tourism-hub-inaugurated-at-panpur-under-sonitpur-district
পৰ্যটকৰ বাবে মুকলি পানপুৰ সংৰক্ষিত বনাঞ্চল

চতিয়া, ২১ নৱেম্বৰ : পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লৈছে নতুন নতুন পদক্ষেপ ৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কাজিৰঙাৰ পিছত উত্তৰ অসমৰ জামুগুৰিহাটৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত দেওবাৰৰ পৰা মুকলি কৰা হয় জীপ চাফাৰি আৰু হাতী চাফাৰি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ পানপুৰ বনাঞ্চলত আছে গড়, হাতী, বাঘকে আদি কৰি আন আন জীৱ-জন্তু ৷

পৰ্যটকৰ বাবে মুকলি পানপুৰ সংৰক্ষিত বনাঞ্চল

ইক' টুৰিজিমৰ জৰিয়তে পানপুৰ বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাবে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আৰম্ভ কৰা হৈছে জীপ আৰু হাতী চাফাৰি ৷ ২০২০ চনতে পৰ্যটকৰ বাবে বনাঞ্চলখন মুকলি কৰা হৈছিল যদিও ক’ভিডৰ বাবে পৰ্যটকৰ উপস্থিতি আশানুৰূপ নাছিল বনাঞ্চলখনত ৷ ক’ভিডৰ পাছত দেওবাৰে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হয় পানপুৰ বনাঞ্চল ৷

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাজ্যৰ প্ৰধান বন সংৰক্ষককে আদি কৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে এই শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই পানপুৰ বনাঞ্চলৰ ওপৰত নিৰ্মাণ কৰা এখনি তথ্যচিত্ৰ ইউটিউবৰ জৰিয়তে মুকলি কৰে ৷

লগতে পঢ়ক : Kaziranga National Park : এটা মাহতে ১৮ হাজাৰৰো অধিক দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.