ETV Bharat / bharat

Kisan Mahapanchayat : লক্ষ্ণৌত কৃষক মহাপঞ্চায়তত ভিন্ন প্ৰান্তৰ কৃষকৰ অংশগ্ৰহণ

author img

By

Published : Nov 22, 2021, 12:30 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি আইন(Farm Laws) বাতিল কৰাৰ কথা ঘোষণা কৰাৰ পাচতে সোমবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ইক' গাৰ্ডেনত আয়োজন কৰা হৈছে কৃষক মহাপঞ্চায়ত(Kisan Mahapanchayat) । কৃষক নেতা ৰাকেশ টিকাইটৰ আহ্বানত কৃষক মহাপঞ্চায়তত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ হাজাৰ হাজাৰ কৃষকে ।

Kisan Mahapanchayat
লক্ষ্ণৌত কৃষক মহাপঞ্চায়ত

নেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)য়ে কৃষি আইন(Farm Laws) বাতিল কৰাৰ কথা ঘোষণা কৰিলে ঠিকেই, কিন্তু কৃষক সংগঠন এতিয়াও নিজৰ স্থিতিত অটল হৈয়ে আছে । সংসদত তিনিওখন কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত কৃষকসকলে ।

এই সন্দৰ্ভত সোমবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ইক' গাৰ্ডেন(Eco Garden)ত আয়োজন কৰা হৈছে কৃষক মহাপঞ্চায়ত । কৃষক নেতা ৰাকেশ টিকাইট(Rakesh Tikait)ৰ আহ্বানত আলমবাগৰ ইক' গাৰ্ডেনত আয়োজিত কৃষক মহাপঞ্চায়ত(Kisan Mahapanchayat) অংশগ্ৰহণ কৰিবলৈ পুৱাৰে পৰা ইক' গাৰ্ডেনত ভিৰ কৰিছেহি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ কৃষকে । ভাৰতীয় কৃষক ইউনিয়ন(Bharatiya Kishan Union)ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকেইট উপস্থিত হৈছে ইক' গাৰ্ডেনত ।

Kisan Mahapanchayat
লক্ষ্ণৌত কৃষক মহাপঞ্চায়ত

আনহাতে, মহাপঞ্চায়তৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । কৃষক নেতা ৰাকেশ টিকেইটে জনোৱা মতে, যেতিয়ালৈকে চৰকাৰে সংসদত আইন কেইখন বাতিল নকৰে আৰু নূন্যতম সমৰ্থন মূল্যক লৈ আইন প্ৰণয়ন আৰু অন্যান্য দাবী মানি নলয় তেতিয়ালৈকে কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিব ।

ইক' গাৰ্ডেনত উপস্থিত হোৱা কৃষকসকলে আন্দোলনত প্ৰাণ হেৰুওৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ আৰু শ্বহীদৰ মৰ্যাদা প্ৰদানৰো দাবী উত্থাপন কৰে । শ্বহীদ কৃষকৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈও দাবী জনায় । উল্লেখ্য যে, বিগত বৰ্ষৰ পৰাই তিনিখন কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল দিল্লীৰ সীমান্তৰ বিভিন্ন স্থানত । প্ৰচণ্ড ঠাণ্ডা, উৎকট গৰম আৰু মহামাৰীসৃষ্ট পৰিস্থিতিয়েও কৃষকক স্থিতি সলনি কৰিব পৰা নাছিল । দৃঢ় মনেৰে প্ৰতিবাদ এতিয়াও অব্যাহত ৰাখিছে কৃষকে ।


লগতে পঢ়ক:Pulwama আক্ৰমণত জড়িত আছিল নেকি ই-কমাৰ্চ পৰ্টেল Amazon ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.