ETV Bharat / bharat

Pulwama আক্ৰমণত জড়িত আছিল নেকি ই-কমাৰ্চ পৰ্টেল Amazon ?

author img

By

Published : Nov 21, 2021, 5:35 PM IST

Updated : Nov 21, 2021, 6:31 PM IST

পুনৰ ই-কমাৰ্চ পৰ্টেল আমাজন (E-commerce portal Amazon)ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ । অনলাইনত নিষিদ্ধ সামগ্ৰী বিক্ৰীৰ বাবে CAITয়ে কিয় দোষাৰোপ কৰিলে আমাজনক ?

Amazon
পুলৱামা আক্ৰমণত জড়িত আছিল নেকি ই কমাৰ্চ পৰ্টেল Amazon

নেশ্যনেল ডেস্ক,২১ নৱেম্বৰ : আমাজন ই-কমাৰ্চ (Amazon E-commerce)ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । আমাজন ই-কমাৰ্চ পৰ্টেলত মাৰিজুয়ানা বিক্ৰীৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আন এক গুৰুতৰ অভিযোগ কৰিছে কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (CAIT) । CAITৰ মতে এয়া আমাজনৰ প্ৰথম অপৰাধ নহয় । CAITৰ অভিযোগ অনুসৰি ২০১৯ চনত পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহৃত ইম্প্ৰুভাইজড এক্সপ্ল'চিভ ডিভাইচ (IED) প্ৰস্তুত কৰাৰ বাবে ৰাসায়নিক পদাৰ্থও ই-কমাৰ্চ পৰ্টেলৰ জৰিয়তে ক্ৰয় কৰা হৈছিল ।

পুলৱামা গোচৰৰ তদন্তৰ সময়ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (NIA) ২০২০ চনৰ মাৰ্চ মাহত ইয়াৰ প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছিল । ২০২০ চনৰ মাৰ্চ মাহত সংবাদ মাধ্যমতো এই সন্দৰ্ভত বাতৰি ব্যাপকভাৱে প্ৰকাশ পাইছিল । অন্যান্য সামগ্ৰীৰ উপৰিও, ভাৰতত নিষিদ্ধ এমোনিয়াম নাইট্ৰেট আমাজনৰ জৰিয়তে ক্ৰয় কৰা হৈছিল বুলি অভিযোগ কৰিছে CAIT য়ে ।

CAIT ৰ ৰাষ্ট্ৰীয় সভাপতি বি.চি ভাৰতীয়া আৰু মহা সচিব প্ৰবীণ খাণ্ডেলৱালে কয় যে NIAৰ প্ৰাৰম্ভিক জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে প্ৰকাশ কৰিছিল যে তেওঁ আইইডি, বেটাৰি আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰাৰ বাবে ৰাসায়নিক পদাৰ্থ সংগ্ৰহ কৰিবলৈ আমাজন অনলাইন শ্বপিং একাউণ্ট ব্যৱহাৰ কৰিছিল । আক্ৰমণটোত ব্যৱহৃত বিস্ফোৰকবোৰ ফ'ৰেনচিক অনুসন্ধানৰ জৰিয়তে এমোনিয়াম নাইট্ৰেট (ammonium nitrate), নাইট্ৰো-গ্লিচাৰিন (nitro glycerin) আদি আছিল বুলি জানিব পৰা গৈছিল ।

CAITয়ে লগতে দাবী কৰে যে যিহেতু সৈনিকসকলৰ বিৰুদ্ধে নিষিদ্ধ সামগ্ৰী এমোনিয়াম নাইট্ৰেট বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছিল, সেয়েহে আমাজন আৰু ইয়াৰ বিষয়াসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিব লাগে । CAITয়ে লগতে কয় যে ই-কমাৰ্চ পৰ্টেলবোৰক তেওঁলোকে যি বিচাৰে সেয়া কৰিবলৈ অনুমতি দিয়াৰ বাবেই এই চৰম ঘটনা সংঘটিত হৈছিল । আশ্চৰ্যজনকভাৱে এই চাঞ্চল্যকৰ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা হৈছিল আৰু নিষিদ্ধ সামগ্ৰী বিক্ৰীৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা হোৱা নাছিল বুলিও অভিযোগ কৰে তেওঁলোকে ।

ভাৰতীয় আৰু খাণ্ডেলৱালে লগতে কয় যে ২০১১ চনত এমোনিয়াম নাইট্ৰেটক নিষিদ্ধ সামগ্ৰী হিচাপে ঘোষণা কৰি বিস্ফোৰক আইন, ১৮৮৪ ৰ অধীনত এমোনিয়াম নাইট্ৰেটৰ বিপদজনক গ্ৰেড অন্তৰ্ভুক্ত কৰি ভাৰতত ইয়াৰ মুকলি বিক্ৰী, ক্ৰয় আৰু নিৰ্মাণ নিষিদ্ধ কৰাৰ বাবে এক জাননী জাৰী কৰা হৈছিল । ইফালে ব্যস্ত আৰু জনবহুল এলেকাত বিস্ফোৰণ সংঘটিত কৰিবলৈ ব্যৱহৃত বোমাবোৰত এমোনিয়াম নাইট্ৰেট মুখ্য বিস্ফোৰক হিচাপে পোৱা গৈছিল । পূৰ্বে মুম্বাইত, ২০০৬ চনত বাৰাণসী আৰু মালেগাঁৱত হোৱা বিস্ফোৰণ আৰু ২০০৮ চনত দিল্লীত ধাৰাবাহিক বিস্ফোৰণত এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছিল ।

২০১৬ চনৰ পৰা CAIT য়ে ই-কমাৰ্চৰ বাবে এক সংহিতাবদ্ধ আইন আৰু নিয়ম (codified law and rules) দাবী কৰি আহিছে কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই । CAIT ৰ মতে বোমা তৈয়াৰ কৰিবলৈ ব্যৱহৃত ৰাসায়নিক পদাৰ্থ সংগ্ৰহ কৰা আৰু দেশৰ মহান সৈনিকসকলক লক্ষ্য কৰাতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় একোৱে হ'ব নোৱাৰে । সেয়ে CAIT য়ে দাবী কৰে যে এই গোচৰটো পুনৰ মুকলি কৰিব লাগিব আৰু আমাজন পৰ্টেল পৰিচালনা কৰি থকা ব্যক্তিসকলৰ বিৰুদ্ধে নিৰ্দিষ্ট আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

CAIT ৰ বিষয়া দুয়োগৰাকী ক্ৰমে ভাৰতীয় আৰু খাণ্ডেলৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক বিষয়টোত তেওঁলোকৰ তাৎক্ষণিক হস্তক্ষেপৰ বাবে আহ্বান জনায় । লগতে ই-কমাৰ্চ মন্ত্ৰী পীয়ুষ গোৱেলক FDI নীতিৰ প্ৰেছ নোট নং ২ ৰ সলনি ই-কমাৰ্চ নিয়ম, ই-কমাৰ্চ নীতি আৰু নতুন প্ৰেছ নোট অতি শীঘ্ৰে মুকলি কৰিবলৈ আহ্বান জনায় । CAIT য়ে কেন্দ্ৰীয় চৰকাৰক বৃহৎ ই-কমাৰ্চ কোম্পানী চলাই থকা ব্যৱসায়ীসকলৰ বিৰুদ্ধে তেওঁলোকৰ ব্যৱসায়ৰ ওপৰত এক গভীৰ আৰু পুংখানুপুংখ তদন্তৰো আহ্বান জনায় ।

লগতে পঢ়ক :New Rules of CAA : অতি শীঘ্ৰে আহিব CAAৰ নতুন নিয়ম

Last Updated : Nov 21, 2021, 6:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.