ETV Bharat / state

North East Education Conclave : সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ

author img

By

Published : Nov 21, 2021, 10:32 PM IST

জি এম চি এচৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলন(North East Education Conclave)ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী ।

North East Education Conclave
উত্তৰ-পূব শিক্ষা সন্মিলনৰ সামৰণি অনুষ্ঠান

গুৱাহাটী, ২১ নৱেম্বৰ: "ৰাষ্ট্ৰীয় শিক্ষানীতি(National Education Policy)ৰ বাবে সকলো স্তৰৰ লোকৰ পৰামৰ্শ লোৱা হৈছে । ইতিমধ্যে উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছে । শীঘ্ৰে এই বিষয়ে আলোচনা কৰা হ'ব । অসমৰ বা উত্তৰ-পূৱৰ বাবে এই নীতি প্ৰযোজ্য কৰাৰ বাবে এখন ৰোড মেপ প্ৰস্তুত কৰিব লাগিব ৷" এই মন্তব্য জগদীশ মুখীৰ ৷

উত্তৰ-পূব শিক্ষা সন্মিলনৰ সামৰণি অনুষ্ঠান

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থাৰ উদ্যোগত জিএমচিএইচ(GMCH)ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলন(North East Education Conclave)ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী । অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, "২০২৩ ৰ পূৰ্বে আমি শিক্ষানীতি আৰম্ভ কৰিম । বৃহৎ পুঁজি প্ৰয়োজন হ'ব নতুন শিক্ষানীতিৰ বাবে । তাৰ বাবে আমি সাজু হ'ম ।"

ৰোড মেপ প্ৰস্তুত কৰিবৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে । মাধ্যমিক শিক্ষাক শক্তিশালী কৰা ওপৰত অধিক গুৰুত্ব দিয়া হৈছে । দ্বাদশ, একাদশ শ্ৰেণীক মাধ্যমিক পৰ্যায়লৈ লৈ অহা হ'ব বুলি লগতে মন্তব্য প্ৰকাশ কৰে ৰাজ্য শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

তেওঁ লগতে কয় যে, বৃত্তিগত শিক্ষাৰ ওপৰত ৰাজ্যৰ শিক্ষা বিভাগে অধিক গুৰুত্ব প্ৰদান কৰিব ৷ শিক্ষা ব্যৱস্থাটোৱে কেইবাটাও ভাষাক প্ৰধান্য দিব ৷ ইফালে সাংবাদিকৰ প্ৰশ্ন উত্তৰত টেটৰ ফলাফল অতি সোনকালে ঘোষণা কৰা হ'ব । টেট পৰীক্ষাৰ্থীলৈ বিভিন্ন ধৰণৰ যি ভুৱা মেচেজ আহি আছে সেই সম্পৰ্কে CID ত গোচৰ ৰুজু কৰা হৈছে জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: New wine shop license : জনতাক মাতাল কৰি ৰাজকোষ টনকীয়াল কৰা নীতি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.