ETV Bharat / state

New wine shop license : জনতাক মাতাল কৰি ৰাজকোষ টনকীয়াল কৰা নীতি চৰকাৰৰ

author img

By

Published : Nov 21, 2021, 8:06 PM IST

শেহতীয়াকৈ গ্ৰামাঞ্চলতো সুৰা বিপনী মুকলি কৰিবলৈ লোৱা সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ গ্ৰামাঞ্চলত মুকলি কৰিবলগীয়া বিলাতী সুৰাৰ বিপনী সমূহক ৱাইন শ্বপ(wine shop) নুবুলি চৰকাৰে নাম দিছে অন শ্বপ(on shop ) । গ্ৰামাঞ্চলত অন শ্বপ মুকলি কৰাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে অসমৰ ১১ খন জিলাত নতুনকৈ বিলাতী সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ(new wine shop license) দিবলৈও সিদ্ধান্ত লৈছে ।

Assam govt to give licence to open new wine shop
জনতাক মাতাল কৰি ৰাজকোষ টনকীয়াল কৰা নীতি চৰকাৰৰ

গুৱাহাটী, ২১ নৱেম্বৰ : তলিফুটা ৰাজকোষৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰামাঞ্চলতো সুৰা বিপনী (wine shop in village) মুকলি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিষয়ে ইতিমধ্যে ইটিভি ভাৰতে বাতৰি সম্প্ৰচাৰ কৰিছিল । নতুন ধাৰণাৰে এইদৰে গ্ৰামাঞ্চলত মুকলি কৰিবলগীয়া বিলাতী সুৰাৰ বিপনী সমূহক ৱাইন শ্বপ(wine shop) নুবুলি চৰকাৰে নাম দিছে অন শ্বপ(on shop ) ।

এনে অন শ্বপ সমূহত কেৱল বিলাতী সুৰা বিক্ৰীয়েই নহয়, গ্ৰাহকে পানো কৰিব পাৰিব । অৰ্থাৎ একপ্ৰকাৰৰ বাৰ । ইতিমধ্যে আৱকাৰী মন্ত্ৰী(excise minister) পৰিমল শুক্লবৈদ্যই ই টিভি ভাৰতক জানিবলৈ দিছে যে প্ৰথম পৰ্যায়ত এনেকুৱা প্ৰায় ১৬ খন মান অন শ্বপ(on shop) মুকলি কৰা হ'ব আৰু আশা কৰা হৈছে এই অন শ্বপ সমূহৰ পৰা অতিৰিক্তভাৱে ২০ ৰ পৰা ৩০ কোটি টকা ৰাজহ সংগ্ৰহ হ'ব ।

এয়া আছিল গাঁৱৰ কথা । এইবাৰ‌ চাওক নগৰৰ খবৰলৈ । গ্ৰাম্যাঞ্চলত অন শ্বপ(on shop) মুকলি কৰাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে অসমৰ ১১ খন জিলাত নতুনকৈ বিলাতী সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ(new wine shop license) দিবলৈও সিদ্ধান্ত লৈছে । অৰ্থাৎ গাঁৱতে ক্ষান্ত নাথাকি নগৰাঞ্চলতো বৃদ্ধি কৰিব খোজা হৈছে সুৰা বিপনী ।

ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি নতুনকৈ অনুজ্ঞাপত্ৰ দিব খোজা এই ১১ খন জিলা হৈছে কামৰূপ, শোণিতপুৰ, কামৰূপ (ম), কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধুবুৰী, চৰাইদেউ, লখিমপুৰ, ওদালগুৰি আৰু ধেমাজি । মনকৰিবলগীয়া যে বিগত বিশ বছৰ অৰ্থাৎ দুটা দশক জুৰি অসমত‌ কোনো নতুন সুৰা বিপনীৰ‌ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হোৱা নাছিল ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পোন্ধৰ বছৰীয়া কাৰ্যকাল আৰু সৰ্বানন্দ সোণোৱালৰ পাঁচ বছৰীয়া শাসনকালত নতুনকৈ কোনো সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ দিয়া হোৱা নাছিল ।‌ বিশ বছৰৰ পিছত এইবাৰ ড৹ হিমন্তবিশ্ব শৰ্মা চৰকাৰ সাজু হৈছে নতুনকৈ সুৰা বিপনী আৱন্টন দিবলৈ । উল্লেখ্য যে, বিগত বছৰটোত আৱকাৰী ৰাজহ সংগ্ৰহ হৈছিল প্ৰায় তিনি হাজাৰ কোটি টকা ।

লগতে পঢ়ক: Project Sadbhavana : জনতা ভৱনত ব্যাপক তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.