ETV Bharat / state

1 বজাৰ 10টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 11, 2022, 1:06 PM IST

1 বজাৰ 10টা শীৰ্ষ বাতৰি
1 বজাৰ 10টা শীৰ্ষ বাতৰি

1 বজাৰ 10টা শীৰ্ষ বাতৰি

Vande Bharat Express : ষষ্ঠ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

নাগপুৰ আৰু ছত্তীশগড়ৰ বিলাশপুৰৰ মাজত চলিবলগীয়া ষষ্ঠখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণী (Vande Bharat Express)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্লেগ অফ কৰাৰ পিছতেই ইয়াৰ যাত্ৰা আৰম্ভ হয় ।

Chandrakant Patil controversy: ক্ষোভিত জনতাই চিঞাহী ঢালিলে মন্ত্ৰীৰ মুখত

মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰকান্ত পাটিললৈ চিয়াঁহী নিক্ষেপ (Ink attack on Chandrakant Patil) । নিৰাপত্তাত গাফিলতিৰ বাবে ৩ বিষয়া আৰু ৭ আৰক্ষীক নিলম্বন । আম্বেদকাৰ আৰু ফুলে সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ পাছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে ।

Man shaves wife head : খাদ্যৰ প্লেটত চুলি পোৱাৰ বাবেই পত্নীৰ মুণ্ডন কৰিলে স্বামীয়ে !

উত্তৰ প্ৰদেশত পুনৰ গাৰ্হস্থ্য হিংসাৰ ঘটনা (Domestic violence in UP)। যৌতুকৰ বাবে মহিলাক অত্যাচাৰ । নিশাৰ আহাৰত চুলি পোৱাৰ বাবে পত্নীৰ চুলি খুৰাই দিলে স্বামী আৰু তেওঁৰ পৰিয়ালে । আৰক্ষীৰ জালত অভিযুক্ত স্বামী ।

Beautiful picnic spot: বকোৰ হাহিমত ব্যতিক্ৰমী বনভোজস্থলী

অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিমত স্থানীয় যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বকোৰ হাহিমত বনভোজকাৰী তথা পৰ্যটকৰ বাবে থলুৱা খাদ্য আৰু অৱসৰ বিনোদনৰ বাবে প্ৰাকৃতিকভাৱে সাজি উলিয়াইছে এক স্থান(A picnic spot at Hahim in Boko) । হাহিমৰ শিংৰা নৈৰ পাৰত '12 AFE' নামৰ এক বিশেষ স্থান সাজি উলিওৱা হৈছে(A beautiful picnic spot in Boko) ।

New bridge in Majuli: মাজুলী লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে মাজুলীত । মাজুলীবাসীৰ যেন আনন্দৰ সীমা নাই । কিয়নো মাজুলীবাসীয়ে লাভ কৰিব দুখনকৈ নতুন দলং(New bridge in Majuli) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব দলং দুখনৰ নিৰ্মাণকাৰ্য(CM to inaugurate construction of bridge in Majuli) ।

Wild elephant death at Dharamtul : ধৰমতুলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটা বন্যহস্তীৰ

আকৌ বন্যহস্তীৰ মৃত্যু ৷ হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে এইবাৰ ৰহাৰ ধৰমতুলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা বন্যহস্তীৰ (Wild elephant death due to electrocution at Raha) ৷ বন বিভাগৰ লোকে উল্লেখ কৰা অনুসৰি, দেওবাৰে পুৱতি নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ ধান খাবলৈ আহিছিল হাতীটোৱে ৷

Martyr gate in Dibrugarh : জয়ন্ত শইকীয়াৰ স্মৃতিত শ্বহীদ তোৰণ উন্মোচন

শনিবাৰে শ্বহীদ দিৱসৰ দিনাই ডিব্ৰুগড়ত মুকলি কৰা হয় শ্বহীদ তোৰণ (Martyr gate in Dibrugarh) ৷ চহৰখনৰ নিউ মাৰ্কেটত শ্বহীদ জয়ন্ত শইকীয়াৰ সোঁৱৰণত ডিব্ৰুগড় পৌৰসভাই নিৰ্মাণ কৰা তোৰণখন আনুষ্ঠানিকভাৱে মুকলি কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (MLA Prasanta Phukan inaugurated martyr gate in Dibrugarh) ।

Assam CM at Biswanath : বিশ্বনাথত ৩৮৭.৩৩ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ

বিশ্বনাথত শনিবাৰে দুখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam Cm at Biswanath)। বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰৰ পাছত বিহালীৰ জনতা বাকৰিত মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ নতুন আঁচনিৰ শুভাৰম্ভ কৰে । মুঠ ৩৮৭.৩৩ কোটি টকা ব্যয় সাপেক্ষ ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে ।

ABSU conference conclude : বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনৰ সফল সামৰণি

বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনখনি শনিবাৰে সফল সামৰণি পৰে (Conclude session of ABSU in Baksa) ৷ সামৰণি অনুষ্ঠানৰ দিনাই এখন মুকলি সভাৰ আয়োজন কৰা হয় ৷ এই সভাতে তামুলপুৰ জিলা নতুন এবছু কমিটি গঠন কৰা হয় ৷

Hauri lua tradition of Assam : শিলপুটাত আঘোণী পথাৰত জাক জাক দাৱনীয়ে লৈছে হাউৰি

আঘোণ মানেই গাঁৱৰ কৃষিজীৱী ৰাইজৰ বাবে এক ব্যস্ততাপূৰ্ণ মাহ । কৃষকৰ সেউজীয়া সপোনবোৰ দিঠক হোৱাৰ সময় এয়া । আঘোণ মানেই প্ৰাপ্তিৰ মাহ । আঘোণ মানেই সোণগুটিৰে পথাৰ সোণোৱালী হৈ পৰা মাহ । বাৰিষাৰ ঘাম সৰা বোকাময় পথাৰত সিঁচা আশাৰ কঠীয়া সোণালী হৈ জিলিকিছে এতিয়া আঘোণৰ পথাৰত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.