Hauri lua tradition of Assam : শিলপুটাত আঘোণী পথাৰত জাক জাক দাৱনীয়ে লৈছে হাউৰি

By

Published : Dec 11, 2022, 10:07 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

আঘোণ মানেই গাঁৱৰ কৃষিজীৱী ৰাইজৰ বাবে এক ব্যস্ততাপূৰ্ণ মাহ । কৃষকৰ সেউজীয়া সপোনবোৰ দিঠক হোৱাৰ সময় এয়া । আঘোণ মানেই প্ৰাপ্তিৰ মাহ । আঘোণ মানেই সোণগুটিৰে পথাৰ সোণোৱালী হৈ পৰা মাহ । বাৰিষাৰ ঘাম সৰা বোকাময় পথাৰত সিঁচা আশাৰ কঠীয়া সোণালী হৈ জিলিকিছে এতিয়া আঘোণৰ পথাৰত । আঘোণৰ ভৰপুৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত এতিয়া কৃষক-দাৱনী (Reaper busy in paddy field) ৷ চৌদিশে নদন-বদন সোণোৱালী পথাৰৰ পৰা কৃষিজীৱী অসমীয়াই সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৷ কাঁচিৰ খেচ্ খেচ্ শব্দত ৰজন জনাইছে কৃষকৰ পথাৰ । কৃষকৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি । জাক জাক দাৱনীৰ খিলখিল হাঁহিত হালিজালি নাচি উঠিছে সোণোৱালী ধাননি ডৰা । ডিব্ৰুগড় জিলাৰ খোৱাং শিলপুটাৰ সোণোৱালী পথাৰত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য । ক্ৰমাৎ হেৰাই যাবলৈ ধৰা এক পৰম্পৰা, পথাৰত হাউৰি লোৱাৰ পৰ্ব দেখিবলৈ পোৱা গ’ল পথাৰখনত (Hauri lua tradition of Assam) । টাই আহোম যুৱ পৰিষদ (টাইপা) দিলিপ গগৈৰ ফৈদে গ্ৰহণ কৰিছে এই পদক্ষেপ । হাউৰি খাবলৈ ওলাই আহিল জাক জাক দাৱনী । হাঁহি, স্ফূৰ্তিৰে দাৱনীসকলে কাটি গ'ল বিঘাই বিঘাই ধান । ধান কটাৰ মাজতে কোনোৱে জুৰিলে গীত । আজৰি সময়ত ৰবাব, মৌচুমী টেঙাৰো জুতি ল’লে দাৱনীসকলে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.