ETV Bharat / bharat

Chandrakant Patil controversy: ক্ষোভিত জনতাই চিয়াঁহী ঢালিলে মন্ত্ৰীৰ মুখত

author img

By

Published : Dec 11, 2022, 12:37 PM IST

Updated : Dec 11, 2022, 2:14 PM IST

মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰকান্ত পাটিললৈ চিয়াঁহী নিক্ষেপ (Ink attack on Chandrakant Patil) । নিৰাপত্তাত গাফিলতিৰ বাবে ৩ বিষয়া আৰু ৭ আৰক্ষীক নিলম্বন । আম্বেদকাৰ আৰু ফুলে সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ পাছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে ।

Chandrakant Patil controversy
মহাৰাষ্ট্ৰৰ মন্ত্ৰীলৈ চিয়াঁহী নিক্ষেপ

নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ : পুনৰ বিতৰ্কত মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰকান্ত পাটিল । মহাৰাষ্ট্ৰত 'ভিক্ষা' বিতৰ্ক অব্যাহত আছে । ভাষণ প্ৰসংগত আম্বেদকাৰ আৰু মহাত্মা ফুলেক বিদ্যালয় চলোৱাৰ বাবে ভিক্ষা বিচৰা বুলি মন্তব্য কৰিছিল বুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছে । তেওঁৰ সেই মন্তব্যৰ পাছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে (Chandrakant Patil controversy)। বহুতে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে । এনে বিতৰ্ক চলি থকাৰ মাজতে মহাৰাষ্ট্ৰৰ পুনেত জ্যেষ্ঠ মন্ত্ৰীগৰাকীৰ ওপৰত চিয়াঁহী নিক্ষেপ কৰিলে একাংশ লোকে ।

ড৹ বি আৰ আম্বেদকাৰ আৰু সমাজ সংস্কাৰক মহাত্মা জ্যোতিবা ফুলেৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰাৰ পাছতে মন্ত্ৰীগৰাকী বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে এনেদৰে চিয়াঁহী নিক্ষেপ কৰে । এই ঘটনাটো পিম্পৰি চহৰত সংঘটিত হৈছে । শনিবাৰে সন্ধিয়া পিম্প্ৰিৰ এটা কাৰ্যালয়ৰ কৰ্মচাৰীৰ ঘৰৰ পৰা ওলাই অহাৰ সময়তে ৩ জন লোকে পাটিলৰ ওপৰত চিয়াঁহী নিক্ষেপ কৰে (Ink attack on MH minister)।

ইফালে আৰক্ষীয়ে এই ঘটনাত জড়িত তিনিওজনকে আটক কৰিছে । মন্ত্ৰীগৰাকীৰ ওপৰত চিয়াঁহী নিক্ষেপ কৰাৰ পাছতে আৰক্ষী প্ৰশাসনৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । নিৰাপত্তাত সুৰুঙা আছিল বুলিও বহুতে অভিযোগ কৰিছে । নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতিৰ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ৩ গৰাকী বিষয়াৰ লগতে ৭ গৰাকী আৰক্ষীকো নিলম্বন কৰা হৈছে (Police suspended for alleged security lapse)।

অৱশ্যে আক্ৰমণৰ পাছত, পাটিলে ৰাজ্যৰ গৃহ মন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছক নিৰাপত্তাৰ গাফিলতিৰ বাবে কোনো আৰক্ষী বিষয়া বা কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা নল'বলৈ অনুৰোধ জনাইছিল । তেওঁ এইটোও কৈছিল যে তেওঁৰ মন্তব্যক ভুলকৈ প্ৰচাৰ কৰা হৈছিল । পিম্প্ৰি চিঞ্চৱাডৰ আৰক্ষী আয়ুক্ত অংকুশ চিন্দেয়ে ঘটনা সন্দৰ্ভত কয় যে মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা ৩ গৰাকী বিষয়া আৰু ৭ গৰাকী আৰক্ষী জোৱানক ইতিমধ্যে নিলম্বন কৰা হৈছে ।

উল্লেখ্য যে, শুকুৰবাৰে ঔৰংগাবাদত এক অনুষ্ঠানত মাৰাঠীত ভাষণ প্ৰদান কৰি উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী পাটিলে কৈছিল যে আম্বেদকাৰ আৰু ফুলে শিক্ষানুষ্ঠান চলোৱাৰ বাবে চৰকাৰী অনুদান বিচৰা নাছিল, তেওঁলোকে বিদ্যালয় আৰু মহাবিদ্যালয় আৰম্ভ কৰাৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ লোকসকলক অনুৰোধ জনাইছিল ।

লগতে পঢ়ক :Man shaves wife head : খাদ্যৰ প্লেটত চুলি পোৱাৰ বাবেই পত্নীৰ মুণ্ডন কৰিলে স্বামীয়ে !

Last Updated :Dec 11, 2022, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.