ETV Bharat / bharat

Man shaves wife head : খাদ্যৰ প্লেটত চুলি পোৱাৰ বাবেই পত্নীৰ মুণ্ডন কৰিলে স্বামীয়ে !

author img

By

Published : Dec 11, 2022, 11:46 AM IST

উত্তৰ প্ৰদেশত পুনৰ গাৰ্হস্থ্য হিংসাৰ ঘটনা (Domestic violence in UP)। যৌতুকৰ বাবে মহিলাক অত্যাচাৰ । নিশাৰ আহাৰত চুলি পোৱাৰ বাবে পত্নীৰ চুলি খুৰাই দিলে স্বামী আৰু তেওঁৰ পৰিয়ালে । আৰক্ষীৰ জালত অভিযুক্ত স্বামী ।

Murder
খাদ্যৰ প্লেটত চুলি পোৱাৰ বাবেই পত্নীৰ মুণ্ডন কৰিলে স্বামীয়ে

নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ পিলিভিট জিলাত আজৱ ঘটনা । নিশাৰ আহাৰত চুলিৰ টুকুৰা পোৱাৰ পাছতে স্বামী চুলি খুৰাই দিলে পত্নীৰ । স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু । সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

প্ৰতিদিনে আপুনি গাৰ্হস্থ্য হিংসাৰ ঘটনাৰ কথা শুনি আহিছে (Domestic violence in India)। কিন্তু উত্তৰ প্ৰদেশৰ পিলিভিট জিলাৰ গজৰৌলা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এইবাৰ আচৰিত ঘটনা সংঘটিত হৈছে । নিষ্ঠুৰ স্বামীয়ে নিৰ্যাতনৰ নামত চুলি খুৰাই দিলে পত্নীৰ । কিন্তু পত্নীৰ কি অপৰাধ আছিল ? আচলতে নিশাৰ আহাৰত চুলিৰ টুকুৰা পাইছিল স্বামীয়ে । যাৰ বাবে পত্নীক এই শাস্তি দিলে স্বামীয়ে ।

অৱশ্যে সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী জাহিৰুদ্দিনক । আৰক্ষীয়ে জনোৱা মতে ঘটনাটো জিলাখনৰ মিলাক গাঁৱৰ । চক্ৰ বিষয়া (মহানগৰ) সতীশ শুক্লাই কোৱা মতে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰা হৈছে ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সীমা দেৱী নামৰ মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে শুকুৰবাৰে নিশা তেওঁ ঘৰত স্বামীক নিশাৰ আহাৰ দিছিল । কিন্তু স্বামীয়ে প্লেটত চুলিৰ টুকুৰা পাইছিল । তাৰ পাছতে খঙত মহিলাগৰাকীক স্বামীৰ লগতে দেওৰ জামিৰুদ্দিন আৰু শাহুয়েক জুলেখা খাতুনে আক্ৰমণ কৰিছিল । কেৱল শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাই নহয় মহিলাগৰাকীৰ মুণ্ডনো কৰিছিল স্বামীৰ পৰিয়ালটোৱে (Man shaves wifes head after finding hair in food)। ঘটনাটোৰ পাছত ভুক্তভোগী মহিলাগৰাকীয়ে স্বামী পৰিয়ালৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে ।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে ৭ বছৰ পূৰ্বে জাহিৰুদ্দিনৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু তেতিয়াৰে পৰা স্বামীৰ পৰিয়ালে তেওঁক যৌতুকৰ নামত ১৫ লাখ টকা দাবী কৰি আহিছিল (Harassment of women for dowry)। আনকি শাৰীৰিক আৰু মানসিক অত্যাচাৰো কৰিছিল মহিলাগৰাকীক । যাৰ বাবে যৌতুক আইন আৰু আইপিচিৰ অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত জাহিৰুদ্দিন, জামিৰুদ্দিন আৰু জুলেখা খাতুনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । সম্প্ৰতি এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ভুক্তভোগী মহিলাগৰাকীক ন্যায় প্ৰদানৰো দাবী উঠিছে ।

লগতে পঢ়ক :Husband forced Wife to sleep with friends: নিষ্ঠুৰ স্বামী, বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.