ETV Bharat / bharat

Husband forced Wife to sleep with friends: নিষ্ঠুৰ স্বামী, বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰিলে পত্নীক

author img

By

Published : Dec 10, 2022, 6:18 PM IST

সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে বেংগালুৰুৰ থানিচন্দ্ৰাত । নিষ্ঠুৰ স্বামীয়ে বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰিলে পত্নীক (Husband forced Wife to sleep with friends)। তাৰ পাছত গোপনে তেওঁলোকৰ ফটো আৰু ভিডিঅ' মোবাইল কেমেৰাত বন্দী কৰিলে । কেৱল এয়াই নহয় পত্নীক ব্লেকমেইলো আৰম্ভ কৰিছে স্বামীয়ে ।

Husband forced Wife to sleep with friends
বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰিলে পত্নীক

নেশ্যনেল ডেস্ক,১০ ডিচেম্বৰ : আমাৰ সমাজত প্ৰায়ে স্বামীসকলে পত্নীৰ ওপৰত নজৰ ৰখা দেখা যায় । আন পুৰুষৰ চকু যাতে নিজৰ পত্নীৰ ওপৰত নপৰে তাৰ বাবেও সতৰ্ক হৈ থাকে স্বামীসকল । কিন্তু আপুনি বেংগালুৰুৰ এজন স্বামীৰ কথা শুনিলে আচৰিত হ'ব (Shameless incident in Bengaluru)। নিজৰ পত্নীক বন্ধুৰ লগত শুবলৈ জোৰ দিলে নিষ্ঠুৰ স্বামীয়ে । কেৱল এয়াই নহয় পত্নী আৰু বন্ধু শুই থকা দৃশ্য মোবাইলত বন্দী কৰি তাক লৈ মহিলাগৰাকীক ব্লেকমেইলো আৰম্ভ কৰিছে স্বামীয়ে ।

ইতিমধ্যে নিষ্ঠুৰ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পত্নীয়ে । জানিব পৰা মতে এই ঘটনা থানিচন্দ্ৰাৰ । এগৰাকী ৩৪ বছৰীয়া মহিলাই দিয়া অভিযোগৰ ভিত্তিত ৩৬ বছৰীয়া জন নামৰ স্বামীৰ বিৰুদ্ধে চাম্পিগেহাল্লি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে । জন এটা প্ৰতিষ্ঠিত ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী ।

অভিযোগকাৰী মহিলাগৰাকীৰ সৈতে ২০১১ চনত তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল । তেওঁলোকৰ এটা পুত্ৰ সন্তানো আছে । আৰক্ষীয়ে কোৱা মতে বিয়াৰ পাছৰে পৰা স্বামী জনে প্ৰায়ে সুৰাপান কৰি আহিছিল আৰু পত্নীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাইছিল ।

পত্নীয়ে অভিযোগ কৰা মতে ২০১৫ চনত স্বামীয়ে তেওঁক বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰিছিল আৰু যেতিয়া তেওঁ সন্মত হোৱা নাছিল তেওঁৰ ওপৰত অত্যাচাৰ চলাইছিল (Husband forces wife to sleep with friend)। স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পত্নীয়ে দুজন বন্ধুৰ সৈতে বহুবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হৈছিল ।

আনহাতে বন্ধুৰ সৈতে শুই থকা সময়চোৱাত স্বামীয়ে অজ্ঞাতে ভিডিঅ' আৰু ফটো ম'বাইল কেমেৰাত বন্দী কৰিছিল । মহিলাগৰাকীয়ে অভিযোগটোত উল্লেখ কৰা মতে শেহতীয়াকৈ তেওঁ এনে কাৰ্য্যত জড়িত হ'বলৈ অমান্তি হৈ স্বামীৰ পৰা আঁতৰি থাকে ।

অভিযোগ অনুসৰি নিষ্ঠুৰ স্বামীয়ে মহিলাগৰাকীৰ ভগ্নীৰ সৈতে শুব বিচাৰিছিল । মহিলাগৰাকীয়ে অভিযোগ কৰা মতে ব্যক্তিগত কোম্পানীত কাম কৰা তেওঁৰ ভগ্নী ২০১৯ চনৰ পৰাই তেওঁলোকৰ সৈতে বাস কৰিছিল । স্বামীয়ে ইয়াক লৈ সন্তুষ্ট নাছিল । যাৰ বাবে মহিলাগৰাকীৰ ভগ্নীক জন নামৰ নিষ্ঠুৰ স্বামীয়ে তেওঁৰ সৈতে শুবলৈ জোৰ দিছিল । যাৰ বাবে, মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ দিয়াৰ সিদ্ধান্ত লৈছিল ।

কিন্তু বিবাহ বিচ্ছেদৰ কথা উলিয়ালেই স্বামীয়ে ব্যক্তিগত ভিডিঅ' আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দিয়ে (Husband blackmailed his wife)। যোৱা ৪ ডিচেম্বৰত পুনৰ বিবাহ বিচ্ছেদৰ কথা কোৱাত স্বামীয়ে তেওঁৰ হোৱাটছএপলৈ ২ খনকৈ ব্যক্তিগত ফটো প্ৰেৰণ কৰে । তেওঁ ভাবুকিও দিছে যে এই ফটো আৰু ভিডিঅ'বোৰ মহিলাগৰাকীৰ বন্ধুবৰ্গ আৰু পিতৃ-মাতৃলৈ প্ৰেৰণ কৰিব । মহিলাগৰাকীয়ে অভিযোগ কৰা মতে স্বামীয়ে সুৰাৰ উপৰিও গাঞ্জাও সেৱন কৰে ।

লগতে পঢ়ক :Body recover in Kalgachia: গছত ওলমি ৰ’ল শহুৰৰ ঘৰলৈ অহা জোঁৱাইৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.