Beautiful picnic spot: বকোৰ হাহিমত ব্যতিক্ৰমী বনভোজস্থলী

By

Published : Dec 11, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিমত স্থানীয় যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বকোৰ হাহিমত বনভোজকাৰী তথা পৰ্যটকৰ বাবে থলুৱা খাদ্য আৰু অৱসৰ বিনোদনৰ বাবে প্ৰাকৃতিকভাৱে সাজি উলিয়াইছে এক স্থান(A picnic spot at Hahim in Boko) । হাহিমৰ শিংৰা নৈৰ পাৰত '12 AFE' নামৰ এক বিশেষ স্থান সাজি উলিওৱা হৈছে(A beautiful picnic spot in Boko) । হাহিমৰ স্থানীয় যুৱকৰ এই পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে । শনিবাৰে বিয়লি স্থানীয় ৰাইজ তথা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, সম্পাদক নোমল ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কামৰূপ জিলা পৰিষদৰ সভাপতি কম্বুৰাম ৰাভাই মুকলি কৰে এই অৱসৰ বিনোদনৰ স্থান হাহিম । উল্লেখযোগ্য যে, এই স্থানৰ নিলগতে আছে চিৰ সেউজ লাম্পিকে ধৰি পৰ্যটকৰ আকৰ্ষণীয় স্থান সূৰ্যোদয় উপভোগ কৰা পাৰ্বতী পাহাৰ(Tourist places in Assam) ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.