ETV Bharat / state

ABSU conference conclude : বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনৰ সফল সামৰণি

author img

By

Published : Dec 11, 2022, 11:07 AM IST

Updated : Dec 11, 2022, 11:53 AM IST

বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনখনি শনিবাৰে সফল সামৰণি পৰে (Conclude session of ABSU in Baksa) ৷ সামৰণি অনুষ্ঠানৰ দিনাই এখন মুকলি সভাৰ আয়োজন কৰা হয় ৷ এই সভাতে তামুলপুৰ জিলা নতুন এবছু কমিটি গঠন কৰা হয় ৷

Etv Bharat
Etv Bharat

বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনৰ সফল সামৰণি

বাক্সা, 11 ডিচেম্বৰ : শনিবাৰে সামৰণি পৰে তামুলপুৰৰ বাথৌগুৰী খেলপথাৰত অনুষ্ঠিত বাক্সা জিলা আৰু কুমাৰীকাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন (ABSU conference Conclude successfully in Baksa) ৷ তামুলপুৰৰ বাথৌগুৰী খেলপথাৰত যোৱা 8 ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছিল বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ 18 সংখ্যক অধিৱেশন আৰৰু কুমাৰীকাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 49 সংখ্যক অধিৱেশন ৷

এই অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত দিনৰ প্ৰায় 1 বজাৰ পৰা অনুষ্ঠিত হয় হয় এক মুকলি সভা (ABSU conference conclude) ৷ বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে ।

লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম । ইফালে এই অধিৱেশনৰ শেষৰ দিনটোৰ কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন নেতৃবৃন্দৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ নেতা-কৰ্মী আৰু অঞ্চলটোৰ কেইবা সহস্ৰাধিক ৰাইজো উপস্থিত থাকে ।

লগতে পঢ়ক : Tezpur Sahitya Utsav 2022 : প্ৰখ্যাত সাহিত্যিকৰ অন্তৰংগ আলাপেৰে মনোজ্ঞ তেজপুৰ সাহিত্য উৎসৱ

এই মুকলি সভাৰ অন্তত আয়োজিত কৰা হয় সাংস্কৃতিক সন্ধিয়াও । সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাবে কোকৰাঝাৰৰ প্ৰেক্টিকেল বসুমতাৰী, তামুলপুৰৰ দেৰহাচাৰ নাৰ্জাৰী আৰু পুষ্প পাঠকৰ গীতৰ শৰাই লগতে স্থানীয় শিল্পীৰ মনপৰশা গীতেৰে তিনিদিনীয়া অধিৱেশনখনিৰ সামৰণি পৰে ।

উল্লেখ্য যে, তামুলপুৰ জিলা এবছুৰ সভাপতি হিচাপে বানেশ্বৰ নাৰ্জাৰীক সভাপতি আৰু অজিত বড়োক সম্পাদক হিচাপে লৈ নতুকৈ গঠিত তামুলপুৰ জিলা এবছুৰ সমিটিখনো গঠন কৰা হয় ৷

লগতে পঢ়ক : Biennial Session of Rangia District AJYCP: ৰঙিয়া যুৱ ছাত্ৰ পৰিষদৰ দ্বি বাৰ্ষিক অধিৱেশন

Last Updated : Dec 11, 2022, 11:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.