ETV Bharat / state

Assam CM at Biswanath : বিশ্বনাথত ৩৮৭.৩৩ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Dec 11, 2022, 11:31 AM IST

Updated : Dec 11, 2022, 11:54 AM IST

Assam
বিশ্বনাথত ৩৮৭.৩৩ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ

বিশ্বনাথত শনিবাৰে দুখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam Cm at Biswanath)। বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰৰ পাছত বিহালীৰ জনতা বাকৰিত মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ নতুন আঁচনিৰ শুভাৰম্ভ কৰে । মুঠ ৩৮৭.৩৩ কোটি টকা ব্যয় সাপেক্ষ ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে ।

বিশ্বনাথত ৩৮৭.৩৩ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ

বিশ্বনাথ, ১১ ডিচেম্বৰ : অসমৰ ৬২ লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব । ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ সদস্যই অসম আৰু অসমৰ বাহিৰৰ নিৰ্দিষ্ট হাস্পতালত ৫ লাখ টকালৈকে চিকিৎসা সেৱা লাভ কৰিব । এই ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শনিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM at Biswanath)। মুখ্যমন্ত্ৰীগৰাকীৰ মতে অসমৰ ভূমিলৈ বিকাশৰ গংগা নমাই অনা হৈছে ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, বিশ্বনাথত জিলাত ৩৮৭.৩৩ কোটি টকাৰ আঁচনি শুভাৰম্ভ কৰা হৈছে । শুভাৰম্ভ কৰা আঁচনিসমূহ অহা ৩ বছৰৰ ভিতৰত বিজেপি চৰকাৰৰ কাৰ্যকালতেই সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অহা মাৰ্চ মাহৰ বিধান সভাৰ বাজেট অধিৱেশনৰ সময়তে গহপুৰত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ হ'ব বুলিও তেওঁ ঘোষণা কৰে ।

অৰুণোদয় আঁচনিত আৰু অসমৰ ৭ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব । ইয়াৰে চতিয়া, বিশ্বানাথ, বিহালী আৰু গহপুৰ প্ৰতিটো সমষ্টিৰ পৰা ৬ হাজাৰকৈ ২৪,০০০ গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । কৃষকসকলৰ বাবেও ধান ক্ৰয় আঁচনি শুভাৰম্ভ কৰে । চৰকাৰে ধান ক্ৰয় কৰাৰ ফলত কৃষকে প্ৰতি কুইণ্টলত ২০৪০ টকাকৈ পাবলৈ সক্ষম হৈছে ।

বিশ্বনাথ জিলাৰ ২০ হাজাৰ দৰিদ্ৰ পৰিয়ালক অহা ২ মাহৰ ভিতৰত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ অনুষ্ঠানত ঘোষণা কৰে । হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত ৬-৮ কোটি টকাকৈ দিয়াৰ ব্যৱস্থা কৰি ৫ হাজাৰ কোটি টকাৰ এখন নতুন আঁচনিও অহা বছৰ গ্ৰহণ কৰি শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰে । নিবনুৱা যুৱক-যুৱতীৰ স্বাৱলম্বিতাৰ বাবে আৰু ৫ হাজাৰ কোটি টকাৰ এখন আঁচনি গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । বৃদ্ধ পেঞ্চন পোৱা বিধৱা মহিলাসকলৰ প্ৰতিগৰাকী মহিলাক বৃদ্ধ পেঞ্চনৰ পৰিৱৰ্তে অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব ।

মিছন বসুন্ধৰাৰ জৰিয়তে ৰাইজৰ ভূমি সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ লগতে চৰকাৰী কাৰ্যালয়লৈ যাতে কোনো ব্যক্তি নোযোৱাকৈ ঘৰৰ পৰাই অনলাইন পদ্ধতিৰে সকলো কাম কৰিব পাৰে তাৰ বাবেও চৰকাৰে প্ৰচেষ্টা হাতত লৈছে । বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত হোৱা কাৰ্যসূচীত ডিজিটেল মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কেইবাটাও আঁচনি শুভাৰম্ভ কৰে (New scheme launched in Biswanath)। বিশ্বনাথ জিলাৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টি সামৰি মুঠ ৩৮৭.৩৩ কোটি টকা ব্যয় সাপেক্ষ ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে (Assam CM public meeting in Biswanath)।

ৰাজহুৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে । বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, কৃষ্ণ কমল তাঁতী, গণেশ লিম্বু, বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত প্ৰথমখন সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰম্ভ কৰা ১০ খন আঁচনি ক্ৰমে বিশ্বনাথ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন, বিশ্বনাথ জিলাৰ আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন, বিশ্বনাথ চাৰিআলিত প্ৰস্তাৱিত জিলা ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন, বিশ্বনাথৰ পাভৈ(দিৰিঙ)ত নতুনকৈ প্ৰতিষ্ঠা হ'ব লগা অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয় প্ৰকল্পৰ আধাৰশিলা স্থাপন, বিশ্বনাথঘাটৰ পৰা পানপুৰলৈ নিৰ্মাণ হ'ব লগা ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ তথা মথাউৰিৰ আধাৰশিলা স্থাপন, চতিয়াত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন ।

সেইদৰে চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দিকৰাই পাইকাৰী বজাৰৰ আধুনিকীকৰণ আৰু উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, গহপুৰ বিধানসভা সমষ্টিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পহুকটা সংযোগী ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ আধাৰশিলা স্থাপন, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমদৈগুৰি সংযোগী ৫ কিলোমিটাৰ দৈৰ্ঘ্য পথৰ আধাৰশিলা স্থাপন, সোলেঙী নদীৰ বাওঁপাৰৰ খহনীয়া প্ৰতিৰোধ আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰনিৰ্মাণ কামৰ আধাৰশিলা স্থাপন ।

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়লি বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতীৰ জনতা বাকৰিত আয়োজিত দ্বিতীয়খন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শুভাৰম্ভ কৰা বিহালী সমষ্টিৰ অভিলাষী আচঁনিসমূহ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ পৰা বিহালী বটিয়ামাৰী আৰু ইয়াৰ কাষৰীয়া এলেকা সুৰক্ষিত কৰাৰ বাবে খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ আধাৰশিলা স্থাপন, বিহালী মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন, মৰাণ গাঁও নাচবৰ পথৰ আধাৰশিলা স্থাপন, বিহালীত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন ।

ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা দুটি প্ৰকল্প ক্ৰমে সদ্ভাৱনা ভৱন আৰু বিহালী উন্নয়ন খণ্ডৰ চৌহদত নিৰ্মিত প্ৰেক্ষাগৃহৰ শুভ উদ্বোধনো কৰা হয় । বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত ইয়াৰ উপৰিও গহপুৰ বিহালী সংযোগী বূৰৈনদীৰ ওপৰত দলং নিৰ্মাণৰ লগতে এম বি(MB) পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিহালীত নতুনকৈ ৪ হাজাৰ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিহালীৰ বন্যহস্তীৰ সন্ত্ৰাস বিজ্ঞানসন্মতভাৱে নিৰাময় কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :Swahid Divas in Goa: গোৱাত অসম আন্দোলনৰ শ্বহীদক স্মৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Last Updated :Dec 11, 2022, 11:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.